Jammu And Kashmir Encounter : জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ: নিহত এটা সন্ত্ৰাসবাদী, সেনা অভিযান অব্যাহত

জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত পুনৰ সংঘৰ্ষ(Jammu And Kashmir Encounter) । ৰাজ্যখনৰ শ্বোপিয়ান জিলাত সংঘটিত হৈছে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ । দুয়ো পক্ষৰ মাজত বৰ্তমানেও সংঘৰ্ষ অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Jammu And Kashmir Encounter Encounter breaks out between security forces and terrorists in Jammu and Kashmir’s Shopian district
জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ: নিহত এটা সন্ত্ৰাসবাদী, সেনা অভিযান অব্যাহত

নেশ্যনেল ডেস্ক, ৫ জানুৱাৰী: দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত থকা সংঘৰ্ষত স্থানীয় এটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে(Jammu And Kashmir Encounter)। স্থানীয় সন্ত্ৰাসবাদীটোৰ নাম চাক চোলাণ্ড শ্বোপিয়ানৰ বাসিন্দা বিলাল আহমেদ ভাট বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। সূত্ৰটোৰ অনুসৰি বিলাল আহমেদ ভাটে ২০২১ চনত সন্ত্ৰাসবাদীৰ শিবিৰত যোগদান কৰিছিল।

ইফালে আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীটোৰ পৰা অস্ত্ৰ-শস্ত্ৰকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এই এনকাউণ্টাৰ সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই । আৰক্ষীয়ে সন্ত্ৰাসবাদীটোৰ মৃত্যু অথবা পৰিচয় সন্দৰ্ভতো এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে তীব্ৰ অভিযান চলাই থকা বুলি জানিবলৈ দিছে(Encounter breaks out between security forces and terrorists)।

বাতৰি অনুসৰি, বৃহস্পতি আৰু শুক্ৰবাৰৰ মাজনিশা চোটিগাম শ্বোপিয়ান অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছতে সেনাৰ ৩৪ ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফৰ ১৭৮ বেটালিয়ন আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটোৰ প্ৰতি ঘৰত অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ মাজতে সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তা বাহিনীৰ দলটোলৈ লক্ষ্য কৰি গুলীবৰ্ষণ আৰম্ভ কৰে আৰু ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

নিশাৰ অন্ধকাৰৰ মাজতে দুয়োটা পক্ষৰ মাজত গুলীবৰ্ষণ অব্যাহত থকাৰ মাজতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰাৰ লগতে বেৰিকেড স্থাপন কৰে যাতে সন্ত্ৰাসবাদীৰ দলটোয়ে কোনোপধ্যে সেই স্থানৰ পৰা পলাই সাৰিব নোৱাৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত শুকুৰবাৰে পুৱতি নিশাৰ পৰা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰ আৰম্ভ হৈছিল। আৰক্ষীৰ মতে, বৰ্তমানেও শ্বোপিয়ান জিলাৰ সৰুগাম অঞ্চলত এই সংঘৰ্ষ অব্যাহত আছে । সংঘৰ্ষস্থলীত আৰক্ষী, সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছে বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিছে ।

লগতে পঢ়ক: Encounter in Jammu Kashmir: কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত