PM Modi on Ram Temple: ৰাম মন্দিৰ নিৰ্মাণ আমাৰ ধৈৰ্য্যৰ জয়, কলে প্ৰধানমন্ত্ৰী মোডীয়ে

PM Modi on Ram Temple Construction of Ram Temple is victory of our patience says Modi
PM Modi on Ram Temple: ৰাম মন্দিৰ নিৰ্মাণ আমাৰ ধৈৰ্য্যৰ জয়, কলে প্ৰধানমন্ত্ৰী মোডীয়ে

নতুন দিল্লী, ২৪ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভগৱান ৰামৰ জন্মস্থান অযোধ্যাত নিৰ্মাণৰত ৰাম মন্দিৰক ভাৰতীয়সকলৰ ধৈৰ্য্যৰ জয় বুলি অভিহিত কৰে (Prime Minister Narendra Modi on Ram Temple) । বিজয়া দশমী উপলক্ষে দ্বাৰকাৰ শ্ৰী ৰামলীলা ছ’চাইটি(Sri Ramlila Society of Dwarka)ৰ উদ্যোগত দিল্লীৰ ডি ডি এ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সেই অনুষ্ঠানতে তেওঁ কয় যে ৰামৰ আগমন ঘটিছে, কাৰণ কেইমাহমানৰ পাছতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ” এয়া আমাৰ বাবেই সৌভাগ্য যে আমি ৰাম মন্দিৰ নিৰ্মাণৰ সাক্ষী হ’বলৈ পাইছো। পৰৱৰ্তী ৰামনৱমীৰ দিনা অযোধ্যাত উচ্চাৰিত হ’বলগা ৰামনামৰ বন্দনাই সমগ্ৰ বিশ্বলৈকে শান্তি কঢ়িয়াই আনিব(Ramnams chanting will bring peace to world) । নিৰ্মাণৰত এই মন্দিৰ হৈছে সমগ্ৰ ভাৰতীয়ই শতাব্দী ধৰি কৰি অহা ধৈৰ্য্যৰ জয় ।” তেওঁ লগতে কয়, “ৰাম মন্দিৰত ভগৱান ৰামৰ মূৰ্তি প্ৰতিস্থাৰ বাবে আৰু কেইটামান মাহ বাকী আছে । ইতিমধ্যে ৰামৰ আগমন ঘটিব ধৰিছে (PM Modi on Ram Temple)।”

ইয়াৰ মাজতো কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধীক সমালোচনা কৰিবলৈ এৰা নাছিল । তেওঁ বিৰোধীক লক্ষ্য কৰি কয়, ৰাম মন্দিৰ প্রতিষ্ঠা হোৱাৰ দিনাই জাতি আৰু ধর্মৰ নামত দেশক বিভাজন কৰিব বিচৰা শক্তিবোৰৰো দহনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ ৰাৱণ দহনৰ কথা উল্লেখ কৰি তেওঁ কয়, “এয়া কেৱল ৰাৱণৰ প্ৰতিমূৰ্তি দহন কৰাই নহয়, শেহতীয়াকৈ দেশৰ সম্প্ৰীতি ধ্বংস কৰিব বিচৰাসকলৰ বিনাশৰো এক বাৰ্তা ।” তেওঁ লগতে কয় যে ভাৰতত কৰা অস্ত্ৰপূজা আনৰ ভূমি দখলৰ বাবে নহয়, নিজৰ ভূমিক ৰক্ষা কৰিবৰ বাবেহে ইয়াক কৰা হয় ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক নৱৰাত্ৰি আৰু বিজয়া দশমীৰো(Vijaya Dashami Wish) শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কলে, এইয়া হৈছে অশুভ শক্তিৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক । আমাৰ মাজত গীতাৰ পৰা আহৰণ কৰা জ্ঞানো আছে আৰু আমি আই. এন. এছ. তেজস আৰু বিক্ৰান্তও নিৰ্মাণ কৰো । দেশৰ জনসাধাৰণে যিধৰণে ৰামক মৰ্যাদা দিব জানে, তেনেধৰণে তেওঁলোকে দেশ ৰক্ষাও কৰিব জানে ।”

লগতে পঢ়ক: Rajnath Singh Tawan Visit: ভাৰত-চীন সীমান্তৰ টাৱাঙত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিলে অস্ত্ৰ পূজা