Rajnath Singh Tawan Visit: ভাৰত-চীন সীমান্তৰ টাৱাঙত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিলে অস্ত্ৰ পূজা

Rajnath Singh Tawan Visit Rajnath performs Shastra Puja on Indo-China border
Rajnath Singh Tawan Visit ভাৰত-চীন সীমান্তৰ টাৱাঙত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিলে অস্ত্ৰ পূজা

টাৱাং, ২৪ অক্টোবৰ: মঙলবাৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত অস্ত্ৰ পূজা সম্পন্ন কৰাৰ লগতে সেনা জোৱানসকলৰ সৈতে বিজয়া দশমী উদযাপন কৰে (Rajnath performs Shastra Puja on Indo-China border)। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সীমাত নিয়োজিত ভাৰতীয় সেনা বাহিনীৰ জোৱানসকলকো প্ৰশংসা কৰে (Rajnath Singh Tawan Visit) । মন্ত্ৰীগৰাকীয়ে ভাৰত চীনৰ সীমান্তৰ সমীপত অৱস্থিত অৰুণাচল প্ৰদেশৰ লাইন অৱ এক্সুৱেল কণ্ট্ৰ’ল(Line of Actual Control)ৰ কাষৰ এই গুৰুত্বপূৰ্ণ অঞ্চলটোৰ ওপৰত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ সৈতে ভাৰতৰ সামৰিক প্ৰস্তুতিৰ এক বিস্তৃত পৰ্যালোচনাও কৰে ।

তেওঁ ভাৰতীয় সৈন্যবাহিনীৰ জোৱানসকলক অটল দায়বদ্ধতা আৰু অতুলনীয় সাহসেৰে সীমান্তত পহৰা দি থকা কাৰ্যৰো ভূয়সী প্ৰশংসা কৰে (Indian Armed Forces)। ১৯৬২ চনত চীনা সৈন্যই এই অঞ্চলতে ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল আৰু সেই বছৰৰে ২৪ অক্টোবৰত টাৱাং চহৰ অতিক্ৰম কৰিছিল । ভাৰতে প্ৰতি মুহূৰ্ততে উল্লেখ কৰি আহিছে যে, সীমান্ত অঞ্চলত শান্তিৰ পৰিৱেশ নাথাকিলে চীনৰ সৈতে সম্পৰ্ক কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰে । ইফালে পূব লাডাখত হোৱা অচলাৱস্থাৰ পিছতে ভাৰতে ছিকিম আৰু অৰুণাচল প্ৰদেশখণ্ডকে ধৰি প্ৰায় ৩৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এল এ চিৰ কাষত সেনা আৰু অস্ত্ৰ-শস্ত্ৰ মোতায়েন কৰি যথেষ্ট শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, বিশ্বব্যাপী হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সুৰক্ষা সঁজুলিক শক্তিশালী কৰাৰ বাহিৰে কোনো বিকল্প নাই । তেওঁ কয় যে থলুৱাভাৱে প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ জৰিয়তে দেশৰ সামৰিক শক্তিক শক্তিশালী কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টাই কৰি অহা হৈছে (Defence Minister Rajnath Singh)।

বুম-লা আৰু আন কেইবাটাও ফৰৱাৰ্ড পোষ্ট ভ্ৰমণ কৰাৰ পিছত সেনা জোৱানসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত সিঙে কয় যে দেশৰ সীমা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু মনোভাৱৰ বাবে দেশৰ জনসাধাৰণে ইয়াৰ সৈনিকসকলক লৈ গৌৰৱান্বিত(Tawang in Arunachal Pradesh) ।

তেওঁ সেনা জোৱানসকলক কয়, “কঠিন পৰিস্থিতিত আপোনালোকে যিদৰে সীমান্তত পহৰা দি আছে, তাৰ বাবে যিমানেই প্ৰশংসা কৰক, সেয়া পৰ্যাপ্ত নহয় । মাথো ক’ব বিচাৰো যে দেশবাসীয়ে আপোনালোকক লৈ গৌৰৱান্বিত ।” কঠিন পৰিস্থিতিত সীমান্তত পহৰা দিয়াৰ লগতে ৰাষ্ট্ৰ আৰু জনসাধাৰণ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে জোৱানসকলৰ অদম্য মনোভাৱ, অটল দায়বদ্ধতা আৰু অতুলনীয় সাহসৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে ।

তেওঁ উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মৰ্যাদা বৃদ্ধি হোৱাৰ অন্যতম মুখ্য কাৰণ হৈছে সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু প্ৰতিশ্ৰুতি । যাৰ বাবে ভাৰতবৰ্ষ এতিয়া আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম । শেহতীয়াকৈ ইটালী ভ্ৰমণৰ কথা উল্লেখ কৰি সিঙে কয় যে তেওঁ দ্বিতীয় বিশ্বযুদ্ধত মণ্টনক মুক্ত কৰাৰ বাবে ইটালীৰ অভিযানত যুঁজ দিয়া নায়েক য়েশৱন্ত ঘাডগেৰ লগতে আন ভাৰতীয় সৈনিকসকলৰ অৱদানক সন্মান জনাই নিৰ্মাণ কৰা মণ্টন স্মৃতিসৌধও (Montone memorial) তেওঁ পৰিভ্ৰমণ কৰিছিল ।

তেওঁ লগতে কয় যে কেৱল ভাৰতীয়সকলেই নহয়, আনকি ইটালীবাসীয়েও এই স্মৃতিসৌধত গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যি ভাৰতীয় জোৱানসকলৰ সাহসিকতাৰ বিশ্বব্যাপী স্বীকৃতিকে প্ৰমাণ কৰে । টাৱাঙত সেনা জোৱানসকলৰ সৈতে অস্ত্ৰ পূজা কৰি উঠি দিয়া ভাষণত তেওঁ উল্লেখ কৰে যে দশেৰাই অশুভৰ ওপৰত শুভ শক্তিৰ জয়ৰ সূচনা কৰে। ভাষণত তেওঁ সাহসী সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ “ধাৰ্মিকতা আৰু ধৰ্ম”ক বিজয়া দশমী উৎসৱৰ লোকাচাৰৰ জীৱন্ত প্ৰমাণ বুলি অভিহিত কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সশস্ত্ৰ বাহিনীৰ সাহস আৰু দায়বদ্ধতাই হৈছে বিশ্বব্যাপী ভাৰতৰ বৰ্ধিত মৰ্যাদাৰ আঁৰৰ অন্যতম প্ৰধান কাৰণ আৰু এতিয়া ভাৰত শক্তিশালী ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম । সিঙে অর্থনৈতিক ক্ষেত্রখনত ভাৰতৰ সফলতাক বিশ্বব্যাপী দেশৰ বৰ্ধিত প্রফাইলৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰে ৷ কিন্তু, একে সময়তে তেওঁ উল্লেখ কৰে যে, যদি সশস্ত্ৰ বাহিনীয়ে দেশৰ সীমান্তক কাৰ্যকৰীভাৱে সুৰক্ষিত নকৰিলেহেঁতেন, তেন্তে ইয়াৰ মৰ্যাদা বৃদ্ধি নহ’লহেঁতেন।

তেওঁ লগতে প্ৰতিৰক্ষা সঁজুলিৰ থলুৱা উৎপাদনৰ জৰিয়তে দেশৰ সামৰিক শক্তিক শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কলে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ দূৰদৰ্শী নেতৃত্বত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশৰ ‘আত্মনিৰ্ভৰতা’ৰ দিশত বিশাল পদক্ষেপ গ্ৰহণ কৰা হৈছে । পূৰ্বতে আমি আমাৰ সামৰিক বাহিনীৰ উন্নীতকৰণৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ। কিন্তু আজি দেশৰ ভিতৰতে কেইবাটাও প্ৰধান অস্ত্ৰ-শস্ত্ৰৰ কাৰখানা আৰু প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে।”

বিদেশী কোম্পানীসমূহক তেওঁলোকৰ প্ৰযুক্তিৰ ভাগ বতৰা আৰু ভাৰতত সঁজুলি উৎপাদনৰ ক্ষেত্ৰত উৎসাহিত কৰা হৈছে বুলিও তেওঁ কয় । সিঙে কয়, ‘২০১৪ চনত প্ৰতিৰক্ষা ৰপ্তানিৰ মূল্য প্ৰায় ১,০০০ কোটি টকা আছিল ; কিন্তু আজি আমি হাজাৰ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিব পাৰিছো ।’

লগতে পঢ়ক: Rajnath Singh on Israel-Hamas war: সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একত্ৰিত হোৱা উচিত: ৰাজনাথ সিং