Verdict on Article 370 in Jammu Kashmir: ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰত্যাহ্বানৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি হ’ব সিদ্ধান্ত

৩৭০ অনুচ্ছেদৰ বিধান বাতিলৰ প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায় দিব(Verdict on Article 370 in Jammu Kashmir)। চলিত বৰ্ষৰ ৫ ছেপ্টেম্বৰত এই গোচৰৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে সংৰক্ষিত কৰিছিল নিজৰ সিদ্ধান্ত ।

Verdict on Article 370 in Jammu Kashmir SC to pronounce verdict on Monday on pleas challenging abrogation of Article 370 in Jammu Kashmir
৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰত্যাহ্বানৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি হ'ব সিদ্ধান্ত

নতুন দিল্লী, ১২ ডিচেম্বৰ: পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিধান বাতিল কৰা কেন্দ্ৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কৰা আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব(Verdict on Article 370 in Jammu Kashmir)।

১১ ডিচেম্বৰত (সোমবাৰ) শীৰ্ষ আদালতৰ ৱেবছাইটত আপলোড কৰা তালিকা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ৰায়দান কৰিব। বিচাৰপীঠৰ আন সদস্যসকল হ’ল ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সূৰ্য কান্ত। এই বাতৰি যুগুত কৰাৰ সময়লৈকে এই সন্দৰ্ভত ন্যায়ালয়ত কামকাজ আৰম্ভ হৈছে ।

উল্লেখ্য যে, ১৬ দিনৰ শুনানিৰ অন্তত বিগত ৫ ছেপ্টেম্বৰত এই গোচৰৰ সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছিল উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত শীৰ্ষ আদালতে ৩৭০ অনুচ্ছেদ বাতিলৰ পক্ষ লোৱাসকলৰ যুক্তিৰ শুনানি গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰৰ হৈ উপস্থিত থকা এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণি, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে, ৰাকেশ দ্বিবেদী, ভি গিৰি আদিসকলৰ যুক্তিৰ শুনানি গ্ৰহণ কৰিছিল।

আৱেদনকাৰীৰ হৈ কপিল ছিবাল, গোপাল সুব্ৰমণিয়াম, ৰাজীৱ ধৱন, জাফৰ শ্বাহ, দুষ্যন্ত দাৱে আদি জ্যেষ্ঠ অধিবক্তাই যুক্তি আগবঢ়ায়। ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল – জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰিছিল। এই সিদ্ধান্তৰ পূৰ্বে বহুকেইটা দলৰ নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হয়।

একে সময়তে এই সিদ্ধান্তৰ পূৰ্বে কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক ভি কে বাৰ্ডিয়ে কয় যে, ‘যিকোনো পৰিস্থিতিত উপত্যকাটোত শান্তি বৰ্তাই ৰখাটো আমাৰ কৰ্তব্য।’

লগতে পঢ়ক: Namo Bharat Train Second Phase: দুহাইৰ পৰা মোডী নগৰ দক্ষিণ ষ্টেচনলৈ নমো ভাৰত ৰে’লৰ ট্ৰাইল ৰান