Namo Bharat Train Second Phase: দুহাইৰ পৰা মোডী নগৰ দক্ষিণ ষ্টেচনলৈ নমো ভাৰত ৰে’লৰ ট্ৰাইল ৰান

নমো ভাৰত ৰে’লৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে দেওবাৰে দুহাইৰ পৰা মোডী নগৰ দক্ষিণ ষ্টেচনলৈ আৰম্ভ কৰা হয় এক ট্ৰাইল ৰাণ(Namo Bharat Train Second Phase) ।

Namo Bharat Train Second Phase Namo Bharat Train Extends to Modi Nagar South, Second Phase Trial Unveiled
দুহাইৰ পৰা মোডী নগৰ দক্ষিণ ষ্টেচনলৈ নমো ভাৰত ৰে’লৰ ট্ৰাইল ৰান

নেশ্যনেল ডেস্ক,১০ ডিচেম্বৰ: দিল্লী-মিৰাট-গাজিয়াবাদ আৰ আৰ টি এছ কৰিডৰত প্ৰাথমিক পৰ্যায়ৰ কাম আৰম্ভ হোৱাৰ পাছত এইবাৰ পৰৱৰ্তী পৰ্যায়ৰ অংশ হিচাপে আন এক পৰীক্ষণ আৰম্ভ কৰা হয়(Namo Bharat Train Second Phase)। শনিবাৰে দুহাইৰ পৰা মোডী নগৰ দক্ষিণ ষ্টেচনলৈ নমো ভাৰত ৰে’লৰ এই পৰীক্ষণ কৰা হয়। ট্ৰাইল ৰানৰ এই পৰীক্ষণটোক নমো ভাৰত ৰে’ল সেৱা কাৰ্যকৰী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰা হৈছে।

এই ট্ৰাইল ৰান প্ৰক্ৰিয়াত প্ৰথমে মুৰাদনগৰ ৰিচিভিং চাব ষ্টেচনৰ পৰা মোডী নগৰ দক্ষিণলৈকে অ’এইচইত আজি ২৫ কেভি ক্ষমতাৰ চাৰ্জ লোৱা হৈছিল আৰু ইয়াৰ পিছতে এই ৰেলপথটোৱাত ৰেলখন চলোৱা হৈছিল(Namo Bharat Second Phase)। ট্ৰাইল ৰানৰ সময়চোৱাত নমো ভাৰত শীৰ্ষক ৰেলখন দুহাই ষ্টেচনৰ পৰা গৈ মুৰাদ নগৰ ষ্টেচনত উপস্থিত হয় । ইয়াৰ পিছত আৰু প্ৰায় ১২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰেলখনে মোডী নগৰ দক্ষিণলৈকে যাত্ৰা কৰে।

এই ট্ৰাইল ৰানৰ প্ৰক্ৰিয়াত নমো ভাৰত ৰে’লখনক ট্ৰেক আৰু ট্ৰেকচনৰ সৈতে পৰীক্ষা কৰা হয়। এই সময়ছোৱাত ট্ৰেইন কণ্ট্ৰল মেনেজমেণ্ট চিষ্টেম (TSMS)ৰ অধীনত ৰে’লখন মেনুৱেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হৈছিল। ৰেলখনক মুৰাদনগৰ ষ্টেচনৰ পৰা মোডী নগৰ দক্ষিণলৈকে অতি লেহেমীয়া গতিৰে নিয়া হৈছিল। ইয়াৰ পিছত দুহাইলৈ ঘূৰাই অনাৰ সময়তহে ৰেলখনৰ গতিবেগ অলপ বৃদ্ধি কৰিছিল।

দুহাইৰ পৰা মিৰাটৰ দক্ষিণ আৰ আৰ টি এছ ষ্টেচনৰ মাজৰ এই ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথচোৱা হৈছে আৰ আৰ টি এছ কৰিডৰৰ এটা খণ্ড, যিটো খণ্ডক প্ৰাথমিক খণ্ডৰ ৰেলসেৱা আৰম্ভ হোৱাৰ পিছত জনসাধাৰণৰ বাবে কাৰ্যকৰী কৰা হ’ব। এই খণ্ডত আছে মুঠ ৪ টা ষ্টেচন – মুৰাদ নগৰ, মোডী নগৰ উত্তৰ, মোডী নগৰ দক্ষিণ আৰু মিৰাট দক্ষিণ। চলিত বৰ্ষৰ জুন মাহত মিৰাট দক্ষিণলৈ শেষৰটো স্পেন স্থাপনৰ লগতে ভায়াডাক্টৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছিল। তেতিয়াৰ পৰাই এই খণ্ডত ট্ৰেক স্থাপন, অ’এইচই ইনষ্টলেচন, চিগনেলিং আৰু টেলিকম আৰু ইলেক্ট্ৰিকেলাইজেশ্যন আদিৰ নিৰ্মাণ কাৰ্যই গতি লাভ কৰিছিল।

বৰ্তমান ট্ৰেক স্থাপনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে অন্যান্য কামবোৰো চূড়ান্ত পৰ্যায়ত আছে। লগতে মুৰাদ নগৰৰ পৰা মিৰাট দক্ষিণলৈ বিদ্যুৎ যোগানৰ বাবে সাজু হৈছে মুৰাদনগৰ আৰ এছ এছ। অতি শীঘ্ৰেই মোডী নগৰ উত্তৰ আৰু মিৰাট দক্ষিণ ষ্টেচনৰ মাজৰ এই অংশত অ’এইচই চাৰ্জিং কৰা হ’ব আৰু এই অংশতো মিৰাট দক্ষিণ ষ্টেচনলৈকে ৰে’ল চলাই আন এক ট্ৰাইল ৰানেৰে পৰীক্ষণ কৰা হ’ব।

উল্লেখযোগ্য যে যোৱা ২০ অক্টোবৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাহিবাবাদ আৰু দুহাই ডিপোৰ মাজৰ ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাধান্য অংশচোৱাত নমো ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিছিল। ইতিমধ্যে দুহাইৰ আগৰ দিশলৈকো এনচিআৰটিচিয়ে আন এটা নতুন চেক্সন মুকলি কৰাৰ দিশত আগবাঢ়িছে ।

লগতে পঢ়ক: PM Viksit Bharat Sankalp Yatra: প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)