Gaganyaan TV D1 mission: মিছনৰ সফলতাৰ কথা ঘোষণা ইছৰোৰ মুৰব্বী এছ সোমনাথৰ

Gaganyaan TV D1 mission successful says ISRO Chief S Somanath
Gaganyaan TV D1 mission: মিছনৰ সফলতাৰ কথা ঘোষণা ইছৰোৰ মুৰব্বী এছ সোমনাথৰ

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা((ISRO)ৰ অধ্যক্ষ এছ সোমনাথে শনিবাৰে গগনযান TV-D1 অভিযান(Gaganyaan Test Vehicle Development Flight 1)ৰ পৰীক্ষামূলক উৎক্ষেপণ সফল হোৱাৰ কথা ঘোষণা কৰে।

পুৱা ৮:৪৫ বজাত বাহনখনৰ উৎক্ষেপণৰ পূৰ্বে হোৱা ইঞ্জিন ইগনিচনৰ সমস্যা(Engine ignition problem)ৰ পিছত দ্বিতীয় প্ৰচেষ্টাত পৰীক্ষামূলক বাহনখন উৎক্ষেপণ কৰা হয় ।

সংবাদ মাধ্যমক সম্বোধন কৰি ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয়, “টিভি-ডি১ অভিযানৰ সাফল্যৰ কথা ঘোষণা কৰিবলৈ পাই মই অতিকে আনন্দিত হৈছো(ISRO Chairman S Somanath)। এই অভিযানৰ উদ্দেশ্য আছিল গগনযান কাৰ্যসূচী(Gaganyaan Mission)ৰ বাবে ক্ৰিউ এস্কেপ চিষ্টেম(Crew escape system) এটা পৰীক্ষামূলক উৎক্ষেপণৰ জৰিয়তে নিৰিক্ষণ কৰা, যি নিৰিক্ষণত বাহনখনে এটা মেক নম্বৰলৈ উঠি যায়, যিটো শব্দৰ গতিবেগতকৈ অলপ বেছি আৰু ইয়াৰ পিছতেই ক্ৰিউ এস্কেপ চিষ্টেমটোৱে কাম কৰিবলৈ আৰম্ভ কৰে।”

তেওঁ লগতে কয়, “ক্ৰিউ এস্কেপ চিষ্টেমে ক্ৰিউ মডিউলটোক বাহনখনৰ পৰা আঁতৰাই লৈ যায় আৰু সাগৰত টাচ-ডাউন(Touch-down at sea)কে ধৰি পৰৱৰ্তী কাৰ্য্যকলাপসমূহ অতি ভালদৰে সম্পন্ন কৰে। এই সকলোবোৰৰ বাবে তথ্যৰ নিশ্চয়তা আমাৰ লগত আছে।”

ক্ৰিউ এস্কেপ মডিউলৰ সফল টাচডাউনৰ পিছতে ইছৰোৰ মুৰব্বীগৰাকীয়ে এই অভিযানৰ লগত জড়িত বিজ্ঞানীসকলক অভিনন্দন জনায়(Gaganyaan TV D1 mission)।

এই উপলক্ষে মিছন সঞ্চালক এছ শিৱকুমাৰে কয়, “এয়া আমাৰ বাবে পূৰ্বতে সম্ভৱ নোহোৱা এক প্ৰচেষ্টা। এয়া হৈছে তিনিটাকৈ পৰীক্ষণৰ এটা ফুলৰ থোপাৰ সদৃস। এতিয়া আমি এই অভিযানৰ জৰিয়তে তিনিওটা প্ৰণালীৰ এক বিশেষত্ব দেখিছোঁ। আমাৰ প্ৰথম প্ৰচেষ্টাতে এই মিছনত ব্যৱহৃত পৰীক্ষামূলক বাহন, ক্ৰিউ এস্কেপ চিষ্টেম, ক্ৰিউ মডিউল আদি সকলো প্ৰণালীয়ে নিজৰ কামবোৰ নিখুঁতভাৱে প্ৰদৰ্শন কৰিছে।

তেওঁ লগতে কয় যে আমি যোৱা ৩-৪ বছৰ ধৰি ইয়াক লৈ কাম কৰি আছিলো । আৰু আজি প্ৰথম প্ৰচেষ্টাতে এই কামটো সফল হৈ উঠাত আমি অতিকে সুখী অনুভৱ কৰিছো।

এই Flight test vehicle Abort অভিযানটো গগনযান অভিযানৰ অংশ হিচাপে Crew escape system ৰ কাৰ্য্যক্ষমতা চাবৰ বাবেই এই পৰীক্ষামূলক উৎক্ষেপণটো কৰা হৈছিল। TV-D1 উৎক্ষেপণৰ এই পৰীক্ষামূলক মিছনৰ লক্ষ্য আছিল বিমানখনৰ উৰণ আৰু প্ৰতিটো চিষ্টেমৰ মূল্যায়ন কৰা।

পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা এই বাহনখন হৈছে অভিযানৰ বাবে নিৰ্মাণ কৰা এখন একক পৰ্যায়ৰ লিকুইড ৰকেট । পেলোডসমূহত ক্ৰিউ মডিউল (Crew Module) আৰু ক্ৰিউ এস্কেপ চিষ্টেমবোৰ (Crew Escape System)ইয়াৰ দ্ৰুত-ক্ৰিয়াশীল কঠিন মটৰৰ লগত থকাৰ লগতে চিএম ফায়াৰিং (CM fairing) আৰু ইন্টাৰফেচ এডাপ্টাৰ(Interface Adapters) থাকে। এই বিমানখনে গগনযান অভিযানত সন্মুখীন হোৱা ১.২ ৰ মেক সংখ্যাৰ সৈতে সম্পৰ্কিত আৰোহণ গতিপথৰ সময়ত বাতিলৰ অৱস্থাটো অনুকৰণ কৰিছিল।

মহাকাশলৈ মানুহ পঠোৱা সম্ভৱ বুলি ভাৰতৰ প্ৰচেষ্টাত হোৱা এই অভিযানটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।

এই গগনযান প্ৰকল্পটোৰ জৰিয়তে তিনিজন সদস্যৰ এটা দলক ৩ দিনীয়া অভিযানৰ বাবে ৪০০ কিলোমিটাৰ কক্ষপথলৈ প্ৰেৰণ কৰাৰ লগতে ভাৰতীয় জলসীমাত অৱতৰণ কৰাই তেওঁলোকক সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনি মানৱ মহাকাশ যাত্ৰাৰ ক্ষমতা প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছে।

এই কাৰ্যসূচীয়ে ভাৰতক আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত মানৱবাহী মহাকাশ যাত্ৰা অভিযান আৰম্ভ কৰা চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰিব । শেহতীয়া চন্দ্ৰযান-৩ আৰু আদিত্য এল ১ অভিযানকে ধৰি ভাৰতীয় মহাকাশ পদক্ষেপৰ সফলতাৰ ওপৰত ভিত্তি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিয়ে যে ভাৰতে এতিয়া ভাৰতীয় অন্তৰীক্ষা ষ্টেচন (Indian Space Station) স্থাপনকে ধৰি নতুন আৰু অভিলাষী লক্ষ্যৰ পৰিকল্পনাৰে আগবাঢ়িব লাগে । প্ৰধানমন্ত্ৰীৰ এই নিৰ্দেশনাটোত আছে ২০৩৫ চনৰ ভিতৰত মহাকাষত ভাৰতীয় অন্তৰীক্ষ ষ্টেচন স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত প্ৰথম ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰা ।

লগতে পঢ়ক: Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ