Emergency Landing at Mumbai Airport: উৰন্ত বিমানত বোমাতংক, মুম্বাইত বিমানৰ জৰুৰী অৱতৰণ

Delhi-bound Akasa flight makes emergency landing at Mumbai Airport after bomb threat
Emergency Landing at Mumbai Airport: উৰন্ত বিমানত বোমাতংক, মুম্বাইত বিমানৰ জৰুৰী অৱতৰণ

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: পুনেৰ পৰা দিল্লীলৈ যাত্ৰা কৰা আকাশা এয়াৰলাইন্সৰ এখন বিমানত হোৱা বোমাতংক বাবে বিমানখনক জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় । প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে নিশা ১২:৪২ বজাত মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনে জৰুৰী অৱতৰণ কৰে । বিমানখন যাত্ৰা কৰা এজন যাত্ৰীয়ে আকাশমাৰ্গতে দাবী কৰে যে তেওঁৰ বেগত এটা বোমা আছে । এই কথা শুনি বিমানখনত থকা সকলো আতংকিত হৈ পৰে(Bomb threat caused panic among co-passengers and crew) । ইয়াৰ পিছতেই বিমানখনে মুম্বাইত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় (Emergency Landing at Mumbai Airport)।

আকাশা এয়াৰলাইন্সৰ QP 1148 নম্বৰৰ এই বিমানখন পুনেৰ পৰা দিল্লীলৈ গৈ আছিল (Delhi-bound Akasa Air flight) । ১৮৫ গৰাকী যাত্ৰী আৰু ৬ গৰাকী বিমানকৰ্মী থকা বিমানখনে অৱশ্যে মুম্বাইত নিৰাপদে অৱতৰণ কৰে । ইয়াৰ পিছতেই বেগত বোমা থকা বুলি দাবী কৰা যাত্ৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অৱশ্যে ধৃত ব্যক্তিজনৰ নাম জানিব পৰা হোৱা নাই যদিও ব্যক্তিজনক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে (Custody by Mumbai police) ।

বিমানখনৰ জৰুৰী অৱতৰণৰ পিছত CISFৰ নিৰাপত্তৰক্ষীয়ে ব্যক্তিজনৰ বিষয়ে মুম্বাই আৰক্ষীক অৱগত কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে তালাচী চলাই যদিও ব্যক্তিজনৰ পৰা কোনো বিস্ফোৰক বা কোনো সন্দেহজনক বস্তু পোৱা নগ’ল । ইফালে আৰক্ষীৰ এক সূত্ৰৰ মতে, জেৰাৰ সময়ত ব্যক্তিজনে কোৱা অনুসৰি বিমানত গৈ থকা অৱস্থাতে বুকুৰ বিষ অনুভৱ কৰি চিকিৎসাৰ বাবে তেওঁ মিছাকৈয়ে লগত বোমা আছে বুলি দাবী কৰিছিল ।

উল্লেখ্য যে, ২১ অক্টোবৰৰ নিশা ১২:০৭ মিনিটত আকাশা এয়াৰলাইন্সৰ বিমানখন পুনেৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল। মাজ আকাশতে যাত্ৰীজনৰ লগত বোমা থকাৰ খবৰটো শুনাৰ পিছতে আন যাত্ৰীসকল আতংকিত হৈ পৰে । যাৰ বাবে বিমানখনে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । অৱশ্যে ভুৱা বোমাৰ ভাবুকিৰ বাবে এনেদৰে বিমানৰ জৰুৰীকালীন অৱতৰণ নতুন কথা নহয় । পূৰ্বতেও বহুকেইবাৰ ঘটিছে এনে ঘটনা । যোৱাটো মাহৰ ২৯ তাৰিখে মুম্বাইৰ পৰা বেনাৰস অভিমুখী আকাশা এয়াৰলাইন্সৰ আন এখন বিমানেও একেধৰণৰ বোমাৰ ভাবুকিৰ বাবে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক: Gaganyaan TV D1 mission: মিছনৰ সফলতাৰ কথা ঘোষণা ইছৰোৰ মুৰব্বী এছ সোমনাথৰ