Infantry day 2023: কিয় ২৭ অক্টোবৰ দিনটো পদাতিক দিৱস হিচাপে পালন কৰা হয় ?

আজিৰ দিনটো ভাৰতীয় সেনা জোৱান সকলৰ বাবে এটা বিশেষ দিন । অর্থাৎ ২৭ অক্টোবৰৰ দিনটো নিৰাপত্তাত নিয়োজিত হৈ থকা জোৱান সকলে ‘পদাতিক দিৱস'(Infantry day 2023) হিচাপে পালন কৰে । এই বিশেষ দিনটোতে কর্তব্যৰত প্রাণ আহুতি দিয়া হাজাৰ হাজাৰ পদাতিক জোৱানক শ্ৰদ্ধাঞ্জলি জোনাৱা হয় । প্ৰতি বছৰৰ দৰে এই বছৰৰ আজিৰ দিনটো সেৱা জোৱান তথা ভাৰতীয় সকলৰ বাবেও অতি বিশেষ ।

আজিৰ পৰা ৭৫ বছৰৰ পূৰ্বে ২৭ অক্টোবৰত ভাৰতীয় ভূখণ্ডক বহিঃ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ প্ৰথম ভাৰতীয় পদাতিক সৈন্যই এক সামৰিক কাৰ্যত অংশ লৈছিল। ইতিহাসৰ পৃষ্ঠাত উল্লেখিত তথ্য অনুসৰি, পাকিস্তানে জম্মু আৰু কাশ্মিৰক বলপূৰ্বক দখল কৰি পাকিস্তানৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইয়াৰ ফলস্বৰূপে পাকিস্তানে ৰাজ্যখনৰ জনজাতীয় অঞ্চলৰ লোকসকলকো বলপূৰ্বকভাৱে তেওঁলোকৰ লগত অন্তর্ভুক্ত কৰি লৈছিল ।

পাকিস্তানৰ এই কাৰ্যক পাৰম্ভিক প্ৰতিৰোধ কৰিছিল জম্মু-কাশ্মিৰৰ ৰাজ্যিক প্ৰতিৰক্ষা বাহিনীয়ে । পিছত ১৯৪৭ চনৰ ২৬ অক্টোবৰত জম্মু-কাশ্মীৰৰ তেতিয়াৰ মহাৰজা হৰি সিঙে যোগদানৰ এক চুক্তিত স্বাক্ষৰ কৰি তেওঁৰ ৰাজ্যখন ভাৰতীয় আধিপত্যৰ অংশ কৰি লয় । তাৰ ফলস্বৰূপে ভাৰতে জম্মু-কাশ্মিৰলৈ নিজৰ সৈন্য প্ৰেৰণ কৰে ।

ভাৰতে প্ৰথমে লেফটেনেণ্ট কৰ্ণেল দেৱান ৰঞ্জিত ৰায় নেতৃত্বত ভাৰতীয় সেনা জোৱানৰ এটা দল বিমানযোগে শ্ৰীনগৰলৈ প্ৰেৰণ কৰে । পাকিস্তানী বাহিনীয়ে সহ্য কৰিব নোৱাৰি জম্মু-কাশ্মিৰক পাকিস্তানৰ অংশ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে বলপূৰ্বকভাৱে আক্ৰমণ কৰে ।কিন্তু তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নিৰ্দেশত শিখ ৰেজিমেণ্টৰ প্ৰথমটো বেটেলিয়ন শ্ৰীনগৰত উপস্থিত হৈ পাকিস্তানী আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাধ্য হয় আৰু ২৭ অক্টোবৰত পাকিস্তানী আক্ৰমণকাৰীক প্ৰতিহত কৰাৰ পথ মুকলি কৰা হয় ।

ভাৰতীয় সেনা বাহিনীৰ সাহস আৰু শক্তিয়ে পাকিস্তানৰ পৰা জম্মু আৰু কাশ্মিৰক ৰক্ষা কৰে আৰু এই যুদ্ধত ভাৰতীয় বহু সৈন্যই প্ৰাণ হেৰুৱালগীয়া হয় ।পাকিস্তানী আক্ৰমণকাৰীক ৰোধ কৰাত লেফটেনেণ্ট কৰ্ণেল দেৱান ৰঞ্জিত ৰায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে জম্মু-কাশ্মীৰৰ বাৰামুল্লা অঞ্চলত প্ৰাণ হেৰুৱাইছিল লেফটেনেণ্ট কৰ্ণেল দেৱান ৰঞ্জিত ৰায়ে । তেওঁৰ বীৰত্ব আৰু দেশৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁক মহা বীৰ চক্ৰৰে পুৰস্কৃত কৰা হয় । দেশৰ সেৱা কৰি জীৱন ত্যাগ কৰা এই বীৰ আত্মাক সন্মান,  শ্ৰদ্ধাঞ্জলি আগবঢ়োৱাটোৱেই হৈছে পদাতিক দিৱসৰ তাৎপৰ্য। পদাতিক দিৱস পালনৰ মূল লক্ষ্য হৈছে ভাৰতীয় সৈন্যই দিয়া ত্যাগ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা।