Kerala blasts: কেৰালাৰ প্ৰাৰ্থনা সভাত ভয়াৱহ বিস্ফোৰণ, এন এছ জিৰ বিশেষজ্ঞ দল ৰাওনা

Kerala blasts NSGs bomb disposal unit from Delhi rushes to spot
Kerala blasts: কেৰালাৰ প্ৰাৰ্থনা সভাত ভয়াৱহ বিস্ফোৰণ, এন এছ জিৰ বিশেষজ্ঞ দল ৰাওনা

নতুন দিল্লী, ২৯ অক্টোবৰ: কেৰালাৰ প্ৰাৰ্থনা সভাত সংঘটিত ভয়াৱহ বিস্ফোৰণৰ পিছতেই ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনী(National Security Guard)ৰ এটা বোমা নিষ্কাশনৰ দল(Bomb disposal units) ততাতৈয়াকৈ দিল্লীৰ পৰা কেৰালালৈ ৰাওনা হৈছে । দলটোৱে ৰাজ্যখনৰ প্ৰাৰ্থনা সভাত সংঘটিত হোৱা বিস্ফোৰণটো(Kerala blasts)ত ব্যৱহৃত সামগ্ৰী সংগ্ৰহ আৰু অনুসন্ধান কৰিব । এই বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ।

সূত্ৰ অনুসৰি, বোমা বিস্ফোৰণৰ তদন্তৰ বাবে কেৰালালৈ যোৱা দলটোত এজন বিষয়াসহ ৮ জন ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ জোৱান আছে (Inquire the bomb explosion) । দলটোৱে আজি সন্ধিয়াৰ ভাগলৈ বোমা বিস্ফোৰণস্থলীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

এন এছ জিৰ মুৰব্বী এম এ গণপথী(NSG chief MA Ganapathy)ৰ নিৰ্দেশ ক্ৰমে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । জানিব পৰা অনুসৰি বোমা নিষ্কাশনৰ এই ইউনিটটোতটোত আছে স্নিফাৰ কুকুৰৰ লগতে বিস্ফোৰক সামগ্ৰীৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞ জোৱান ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Union Home Minister Amit Shah) এন এছ জিৰ মুৰব্বীগৰাকীক তেওঁলোকৰ এটা দল বিস্ফোৰণস্থলীলৈ প্ৰেৰণৰ নিৰ্দেশৰ পাছতে নিৰাপত্তা সংস্থাটোৰ দিল্লীস্থিত এই বিশেষ দলটোক বিস্ফোৰণস্থলীলৈ প্ৰেৰণ কৰা হয় ।

ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন(Kerala Chief Minister Pinarayi Vijayan)ৰ সৈতে বাৰ্তালাপ কৰি কনভেনচন চেণ্টাৰত হোৱা বোমা বিস্ফোৰণৰ পিছত ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লয় । লগতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) আৰু এন এছ জিক তৎকালিনভাৱে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ।

উল্লেখ্য যে, ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ কালামছেৰী অঞ্চলৰ জামৰা আন্তঃৰাষ্ট্ৰীয় অধিৱেশন আৰু প্ৰদৰ্শনী কেন্দ্ৰত হোৱা প্ৰাৰ্থনা সভা(Prayer meeting of Jehovahs Witness believers)ত সংঘটিত হোৱা বোমা বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ।

দেওবাৰে কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিস্ফোৰণক দুৰ্ভাগ্যজনক আখ্যা দি ৰাজ্য চৰকাৰে এই ঘটনাটোক অতি গুৰুত্বসহকাৰে লোৱাৰ কথা উল্লেখ কৰিছিল ।

বিজয়নে কয়,”ই এটা অতি দুৰ্ভাগ্যজনক ঘটনা । আমি ঘটনা সন্দৰ্ভত সবিশেষ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছো। বৰ্তমান প্ৰসাশনৰ শীৰ্ষ বিষয়াসকলো এৰ্নাকুলামতে থাকি পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ আছে । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীও ঘটনাস্থলীলৈ ৰাওনা হৈছে । আমি ইয়াক অতি গুৰুত্বসহকাৰে লৈছো । মই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে কথা পাতিছো। তদন্তৰ অন্তত আমি সবিশেষ পাম বুলি আশাবাদী।”

ইফালে ৰাজ্যখনৰ বিৰোধী দলপতি তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভি ডি সথিছানে উল্লেখ কৰে যে, তেওঁ পোৱা তথ্য অনুসৰি ঘটনাস্থলীত দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল আৰু ইয়াৰ পিছতে চৌদিশ জুইয়ে আঁৱৰি ধৰিছিল ।এই বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হৈছে আৰু ২৫ গৰাকী ব্যক্তি বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৬ গৰাকী ব্যক্তি সংকটজনক অৱস্থাত আই চি ইউত আছে । বিস্ফোৰণস্থলীত প্ৰায় ২০০০ লোক উপস্থিত আছিল”।

প্ৰাপ্ত তথ্য অনুসৰি যিহোৱাৰ বিশ্বাসীসকলৰ এই প্ৰাৰ্থনা সভাখন পুৱা প্ৰায় ৯.৩০ বজাত অনুষ্ঠিত হোৱাৰ অলপ পিছতেই এই স্থানত একাধিক বিস্ফোৰণ সংঘটিত হৈছিল । এই বিস্ফোৰণত আহত লোকসকলক কালামছেৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক: Expensive Divorce Case: ১ কোটি ১১ হাজাৰ টকাত নিষ্পত্তি হোৱা এখন বিবাহ বিচ্ছেদ