Andhra Pradesh Train Accident: অন্ধ্ৰত দুখন ৰে’লৰ মাজত সংঘৰ্ষ, অতি কমেও ৬ জন লোকৰ মৃত্যুৰ আশংকা

Andhra Pradesh Train Accident: অন্ধ্ৰত দুখন ৰে’লৰ মাজত সংঘৰ্ষ, অতি কমেও ৬ জন লোকৰ মৃত্যুৰ আশংকা

বিশাখাপট্টনম, ২৯ অক্টোবৰ : পুনৰ এক ৰে’ল দুৰ্ঘটনা । এইবাৰ এই ৰে’ল দুৰ্ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত। বিজয়ানগৰ জিলাৰ কোঠাৱলাছা মণ্ডলৰ কান্তকাপল্লীত দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এই ভয়াৱহ ৰে’ল দুৰ্ঘটনাটো(Terrible train accident)।

বিশাখাপট্টনমৰ পৰা ৰায়গড়া(Visakhapatnam to Rayagada)লৈ গৈ থকা ৰায়গড়া যাত্ৰীবাহী এক্সপ্ৰেছ আৰু পলাছাৰ পৰা বিজয়ানগৰ অভিমুখে যোৱা পলাছা যাত্ৰীবাহী ৰেলখন(Palasa passenger train)ৰ মাজত হয় সংঘৰ্ষ । প্ৰাপ্ত তথ্য অনুসৰি দুয়োখন ৰে’লে ইখনে সিখনক পাৰ হোৱাৰ সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে ।

এই ভয়াৱহ দুৰ্ঘটনাটোত ছয়জন যাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি ৰে’ল বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিছে । ৰায়গড়া যাত্ৰীবাহী এক্সপ্ৰেছ(Rayagada passenger Express)খনৰ চিগনেল বিকল হোৱাৰ বাবেই ৰে’লখনে ট্ৰেকৰ পৰা নামি যায় । ফলত ৰে’লখনৰ ৩টা ডবা লাইনচ্যুত হয় । একে সময়তে বিশাখাপট্টনম অভিমুখে গৈ থকা পলাছা যাত্ৰীবাহী ৰে’লখনে ৰায়গড়া এক্সপ্ৰেছত খুন্দা মাৰে ।

ইফালে দুৰ্ঘটনাটোৰ বাবে বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ ফলত ঘটনাস্থলী সম্পুৰ্ণৰূপে আন্ধাৰ হৈ পৰে । এই আন্ধাৰৰ বাবে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰে । ইফালে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছতেই ৰেলৱেৰ উদ্ধাৰ কৰ্মী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা আহতসকলক ততাতৈয়াকৈ বিশাখাপট্টনম আৰু বিজিয়ানগৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে । ৰে’ল বিভাগৰ এগৰাকী বিষয়াৰ পৰা জানিব পৰা অনুসৰি দুৰ্ঘটনাটোত কমেও ৬ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে যদিও মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

এগৰাকী যাত্ৰীয়ে দিয়া বিৱৰণ অনুসৰি দুৰ্ঘটনাৰ পিছতেই অধিক আতংকিত হৈ পৰে যাত্ৰীসকল। কি হৈছে আমি সেইয়া গম পোৱাৰ আগতেই দুৰ্ঘটনাটো ঘটিল ।

দুৰ্ঘটনাটোৰ পাছতেই প্ৰশাসন আৰু ৰে’ল বিভাগৰ ফালৰ পৰা যাত্ৰীৰ লগতে আত্মীয়সকলৰ সহায়ৰ বাবে বহুকেইটা হেল্প লাইন নম্বৰ প্ৰকাশ কৰিছে । হেল্প লাইন নম্বৰকেইটা হৈছে : ০৮৯১ ২৭৪৬৩৩০, ০৮৯১ ২৭৪৪৬১৯, ৮১০৬০ ৫৩০৫১, ৮১০৬০ ৫৩০৫২, ৮৫০০০ ৪১৬৭০, ৮৫০০০ ৪১৬৭১, ৮৩০০৩ ৮৩০০৪, ৮৫০০৫ ৮৫০০৬ ।

লগতে পঢ়ক: Security beefed up in Delhi churches: কেৰালা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত হাই-এলাৰ্ট, গীৰ্জাঘৰসমূহত নিৰাপত্তা বৃদ্ধি