Ram Janmabhoomi movement: “শিখসকলে আৰম্ভ কৰিছিল ৰাম জন্মভূমি আন্দোলন “: ৰাজনাথ সিং

Ram Janmabhoomi movement was started by Sikhs says Rajnath Singh
Ram Janmabhoomi movement: "শিখসকলে আৰম্ভ কৰিছিল ৰাম জন্মভূমি আন্দোলন ": ৰাজনাথ সিং

লক্ষ্ণৌ, ২৯ অক্টোবৰ: ৰাম মন্দিৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) দেওবাৰে কয়, দেশৰ শিখ সম্প্ৰদায়ৰ দ্বাৰাহে অযোধ্যাত ৰাম মন্দিৰৰ আন্দোলন আৰম্ভ কৰা হৈছিল ।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গুৰুদ্বাৰা আলমবাঘত শনিবাৰে গুৰু গ্ৰন্থ চাহিব পাৰ্কাশ উৎসৱত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা কোৱাৰ লগতে উল্লেখ কৰে যে, সনাতন ধৰ্ম ৰক্ষাৰ বাবে শিখ সম্প্ৰদায়ে বহুখিনি কাম কৰিছে (Gurudwara Alambagh in Uttar Pradesh)।

মন্ত্ৰীগৰাকীয়ে কয়, “শিখসকলেই ৰাম জন্মভূমি আন্দোলন আৰম্ভ কৰিছিল(Ram Janmabhoomi movement) আৰু তেওঁলোকৰ এই অৱদান কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে । সনাতন ধৰ্ম ৰক্ষাৰ বাবে শিখ সম্প্ৰদায়ে বহুখিনি কৰিছে(Protect of Sanatana Dharma) ।”

ৰাজনাথ সিঙে লগতে কয়, “চৰকাৰী ৰেকৰ্ড অনুসৰি মই এটা গুৰুত্বপূৰ্ণ তথ্য সকলোৰে লগত ভাগ কৰিব বিচাৰিছো । ১৮৫৮ চনৰ ১ ডিচেম্বৰৰ এখন এজাহাৰ অনুসৰি গুৰু গোবিন্দ সিঙ(Guru Govind Singh)ৰ শ্লোগান দিয়া শিখসকলৰ এটা দলে চৌহদটো দখল কৰি দেৱালৰ সকলো ঠাইতে ‘ৰাম ৰাম’ লিখিছিল।”

শিখ গুৰু গুৰু নানক দেৱ(Guru Nanak Dev)ক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নানকে ভাৰত আৰু ভাৰতীয়সকলক সুৰক্ষা প্ৰদান কৰিবলৈ আমাক প্ৰেৰণা দিছে। “ভাৰত আৰু ভাৰতীয়সকলক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য… গুৰু নানক দেৱেও আমাক এই প্ৰেৰণাই দিছে.. .” ৰাজনাথ সিঙে এইদৰে কয় ।

“শিখসকলে আৰম্ভ কৰিছিলৰাম জন্মভূমি আন্দোলন “: ৰাজনাথ সিং

ইয়াৰ পিছত এক্সত দিয়া এটা পোষ্টত ৰাজনাথ সিঙে কয় যে নিস্বাৰ্থ সেৱা, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰদান কৰা গুৰু গ্ৰন্থ চাহেব(Guru Granth Sahib) কেৱল শিখ সম্প্ৰদায়ৰ বাবেই নহয়, প্ৰতিজন ভাৰতীয়ৰ বাবেও প্ৰেৰণাৰ উৎস।

তেওঁ হিন্দীত লিখা পোষ্টটোত উল্লেখ কৰিছে এইদৰে, “শ্ৰী গুৰু গ্ৰন্থ চাহেব জ্ঞান আৰু কৰুণাৰ এনে এখন সাগৰ; ইয়াৰ মাজত ডুব গৈ প্ৰতিজন ব্যক্তিয়ে সঠিক পথ বিচাৰি পায় । ইয়াত দিয়া জ্ঞান সময় আৰু সীমাবদ্ধতাৰ বাধাৰ পৰা মুক্ত । নিস্বাৰ্থ সেৱা, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰদান কৰা শ্ৰী গুৰু গ্ৰন্থ চাহেব কেৱল শিখ সম্প্ৰদায়ৰ বাবেই নহয়, প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস ।”

লগতে পঢ়ক: Security beefed up in Delhi churches: কেৰালা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত হাই-এলাৰ্ট, গীৰ্জাঘৰসমূহত নিৰাপত্তা বৃদ্ধি