Rahul on Pro-Farmer Model: কাঁচিৰে ধান কাটি দেশজুৰি কৃষক সমৰ্থক যোজনা ৰূপায়ণৰ কথা কলে ৰাহুল গান্ধীয়ে

Rahul on Pro-Farmer Model: কাঁচিৰে ধান কাটি দেশজুৰি কৃষক সমৰ্থক যোজনা ৰূপায়ণৰ কথা কলে ৰাহুল গান্ধীয়ে

ৰায়পুৰ, ২৯ অক্টোবৰ: ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ বাবে কৰা প্ৰচাৰৰ জৰিয়তে ২৪ৰ আগন্তুক লোকসভা নিৰ্বাচনৰো সুৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে নেকি কংগ্ৰেছ দলে ? কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দেওবাৰে ৰায়পুৰত উপস্থিত হৈ উল্লেখ কৰে যে, ছত্তীশগড় চৰকাৰে গ্ৰহণ কৰা আঁচনি কৃষক সমৰ্থক যোজনাৰ আৰ্হিক সমগ্ৰ ভাৰততে ৰূপায়ণ কৰা হ’ব (Rahul on Pro-Farmer Model) । ৰাহুল গান্ধীৰ এই বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছে পাঁচখন ৰাজ্যত হ’বলগা বিধানসভা নিৰ্বাচনৰ জৰিয়তে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিও আৰম্ভ কৰিব বিচাৰিছে (Congress wants to start preparing for Lok Sabha polls) । আজি ৰাহুল(Congress MP Rahul Gandhi)ক ৰায়পুৰৰ সমীপৰ এখন গাঁৱত কৃষকসকলৰ সৈতে ধান কটা অৱস্থাত দেখা গ’ল । তাতেই তেওঁ উল্লেখ কৰিলে যে, ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে ৰূপায়ণ কৰা কৃষক সমৰ্থক যোজনাখন সমগ্ৰ ভাৰততে কাৰ্যকৰী কৰা হ’ব ।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে লগতে কৃষকসকলৰ সুবিধাৰ্থে ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰে(Congress government in Chhattisgarh) ৰূপায়ণ কৰা পাঁচখন আঁচনিৰ ওপৰতো আলোকপাত কৰে । যাৰ জৰিয়তে তেওঁ দাবী কৰে যে চৰকাৰৰ আটাইতকৈ উল্লেখযোগ্য পদক্ষেপেই হৈছে কৃষকসকলৰ বাবে ঋণ ৰেহাই আৰু ৰাজসাহায্য প্ৰদান কৰা । ইয়াৰ পিছতে ৰাহুলে এক্স হেণ্ডেলত এটা পোষ্টৰ জৰিয়তে লিখে, “যদিহে কৃষকসকল সুখী, তেন্তে ভাৰত সুখী ।”

ৰাহুলে আজি পুৱাই ৰায়পুৰৰ সমীপৰ কঠিয়া নামৰ এখন গাঁৱলৈও যায় । গাঁওখনত তেওঁ কৃষক আৰু শ্ৰমিকসকলৰ সৈতেও এক বিস্তৃত আলোচনাত মিলিত হোৱা দেখা যায় । ইয়াৰ পিছত ৰাহুলক খেতিয়কসকলৰ সৈতে ধান কাটিবলৈ পথাৰলৈ নামি যোৱাও দেখা গ’ল । এই লৈ ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ এজন নেতাই কলে, ৰাহুল গান্ধীয়ে আজি গাওঁখনত নিজেই পথাৰত নামি হাতত কাঁচি লৈ কৃষকসকলক ধান কটাত সহায় কৰে(Rahul Gandhi helped farmers to cut paddy) ।

ইতিমধ্যে কংগ্ৰেছে ৰাহুলে ধাননি পথাৰত কৃষকসকলৰ সৈতে ধান কটা আৰু মত বিনিময়ৰ মুহূৰ্তৰ এখন ছবি সামাজিক মাধ্যমত মুকলি কৰি দিছে । ভ্ৰমণৰ অন্তত ৰাহুলে নিজেও এই ছবিখন নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে । লগতে তেওঁ লিখিছে, কংগ্ৰেছ চৰকাৰে ছত্তীশগড়ৰ কৃষকসকলৰ বাবে পাঁচটা সৰ্বশ্ৰেষ্ঠ কাম কৰিছে । যাৰ বাবে ইয়াৰ কৃষকসকলক ভাৰতৰ ভিতৰতে আটাইতকৈ সুখী হোৱা দেখা গৈছে ।

কংগ্ৰেছ সাংসদগৰাকীয়ে দাবী কৰে যে ছত্তীশগড় চৰকাৰে কৃষকসকলক প্ৰতি কুইণ্টল ধানৰ বিপৰীতে ২,৬৪০ টকা, ২৬ লাখ কৃষকক ২৩ হাজাৰ কোটি টকাৰ ৰাজসাহায্য, ১৯ লাখ কৃষকক ১০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিছে । তাৰোপৰি বিদ্যুতৰ বিল আধা কৰা হৈছে । ইয়াৰ ওপৰিও ৰাজ্য চৰকাৰখনে পাঁচ লাখ কৃষি শ্ৰমিকক বছৰি ৭০০০ টকাকৈ প্ৰদান কৰিছে । এই মডেলক আমি সমগ্ৰ ভাৰততে ৰূপায়ণ কৰিম।”

লগতে পঢ়ক: Lok Sabha Elections 2024: প্ৰদ্যুৎ বৰদলৈ নে ৰকিবুল হুছেইন – কোনে পাব প্ৰাৰ্থিত্ব !