Security beefed up in Delhi churches: কেৰালা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত হাই-এলাৰ্ট, গীৰ্জাঘৰসমূহত নিৰাপত্তা বৃদ্ধি

Security beefed up in Delhi churches after Kerala blast in convention centre
Security beefed up in Delhi churches: কেৰালা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত হাই-এলাৰ্ট, গীৰ্জাঘৰসমূহত নিৰাপত্তা বৃদ্ধি

নতুন দিল্লী, ২৯ অক্টোবৰঃ কেৰালাৰ এটা কনভেনচন চেণ্টাৰত দেওবাৰে সংঘটিত একাধিক বোমা বিস্ফোৰণৰ পিছতে দেশৰ ৰাজধানী দিল্লী, নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদৰ গীৰ্জাঘৰসমূহৰ লগতে মেট্ৰ’ ষ্টেচনসমূহৰ চৌদিশৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে (Security beefed up in Delhi churches) । নাম প্ৰকাশত অনিচ্ছুক দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কোৱা অনুসৰি প্ৰধান বজাৰসমূহ, গীৰ্জাঘৰ, মেট্ৰ’ ষ্টেচন, বাছ ষ্টেণ্ড, ৰে’ল ষ্টেচন আৰু অন্যান্য ৰাজহুৱা স্থানসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে (High-alert across Delhi)।

আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ সীমান্তৱৰ্তী অঞ্চলসমূহ(Border areas of Uttar Pradesh and Haryana) বন্ধ কৰি দিবৰ বাবেও দিল্লী আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । লগতে সাধাৰণ পোচাকত থকা আৰক্ষী, মটৰ বাইক পেট্ৰ’লিং আৰু পিচিআৰক সজাগ হৈ থাকিবলৈকো নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । ইয়াৰ উপৰিও বিভিন্ন তথ্যসমূহক গুৰুত্বসহকাৰে ল’বলৈকো আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । আৰক্ষীৰ লোকসকলক এই বুলিও সতৰ্ক কৰি দিয়া হৈছে যাতে এই মুহূৰ্তত একোকে আওকাণ নকৰিব । আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, “আমি সদাব্যস্ত বজাৰসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো । উৎসৱৰ পূৰ্বে ইতিমধ্যে অতিৰিক্ত আৰক্ষীও মোতায়েনো কৰা হৈছে ।”

দেওবাৰে পুৱা কেৰালাৰ কালামছেৰীত এটা কনভেনচন চেণ্টাৰত সংঘটিত বোমা বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হৈছিল(Blast at convention center in Kerala) । তাৰোপৰি এই ঘটনাত এতিয়ালৈকে ৫২ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে । বোমা বিস্ফোৰণৰ এই ঘটনাৰ পিছতে এন আই এ আৰু এন এছ জি(NIA and NSG)ক সমগ্ৰ ঘটনাৰ তদন্তৰ দ্বায়িত্ব দিয়া হৈছে । সূত্ৰ অনুসৰি দিল্লী আৰক্ষীৰ বিশেষ কোষেও কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে নিয়মীয়া যোগাযোগত আছে ।

সন্দেহজনক ব্যক্তিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ উপৰিও যান-বাহনসমূহকো সম্পূৰ্ণ নিৰীক্ষণৰ অধীনত ৰখা হৈছে । ইয়াৰ উপৰিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে স্থানীয় চোৰাংচোৱাসকলকো অধিক সক্ৰিয় কৰি তোলা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে নিজেই গৈ গীৰ্জাঘৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তাত থকা ফাডাৰসকলক তেওঁলোকৰ নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে । গৌতম বুদ্ধ নগৰৰ আয়ুক্ত কাৰ্যালয়ৰ সকলো উপ-আয়ুক্তক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক সতৰ্ক কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে (Deputy Commissioners of Police of Gautam Buddha Nagar)। একে সময়তে তেওঁলোকক নিজৰ নিজৰ অঞ্চলসমূহৰ গীৰ্জাঘৰসমূহত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈকো কোৱা হৈছে ।

নয়দাৰ উপ-আৰক্ষী আয়ুক্ত(Noida Deputy Police Commissioner) হৰিশ চন্দৰে সংবাদ মাধ্যমক জনোৱা মতে, নয়দাত প্ৰাৰ্থনা কৰিবলৈ যোৱা সকলো গুৰুত্বপূৰ্ণ গীৰ্জাঘৰ আৰু অন্যান্য স্থানসমূহত আৰক্ষীৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। বিশেষকৈ নয়ডাৰ ছেক্টৰ ৩৪, ছেক্টৰ ২৯, ছেক্টৰ ১২৬, ছেক্টৰ ১২, ছেক্টৰ ৫১, ছেক্টৰ ৬১, ছেক্টৰ ৩৯ কে ধৰি অন্যান্য স্থানসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । ইয়াৰ ওপৰিও অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত আৰু অতিৰিক্ত আৰক্ষী আয়ুক্ত পদৰ বিষয়াসকলৰ লগতে থানাৰ দায়িত্বত থকা বিষয়াসকলে গীৰ্জাঘৰমূহলৈ নিজেই গৈ নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক: Kerala blasts: কেৰালাৰ প্ৰাৰ্থনা সভাত ভয়াৱহ বিস্ফোৰণ, এন এছ জিৰ বিশেষজ্ঞ দল ৰাওনা