Bengaluru Woman Sexually Harassed: বাংগালুৰুৰ শ্বপিং মলত যুৱতীৰ লগত অভব্য আচৰণ, ভাইৰেল হৈছে ভিডিঅ’

বাংগালুৰুৰ এটা শ্বপিং মলত এগৰাকী যুৱতীৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে(Bengaluru Woman Sexually Harassed) । এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে অৱশ্যে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে(Video Goes Viral) ।

Bengaluru Woman Sexually Harassed in Lulu Mall Police Begin Probe After Video Goes Viral
Bengaluru Woman Sexually Harassed: বাংগালুৰুৰ শ্বপিং মলত যুৱতীৰ লগত অভব্য আচৰণ, ভাইৰেল হৈছে ভিডিঅ'

বেংগালুৰু, ৩০ অক্টোবৰঃ বেংগালুৰুৰ এটা শ্বপিং মল । মলটোত হাজাৰ হাজাৰ লোকৰ সমাগম । তাৰ মাজতে ঘুৰি ফুৰিছে এজন ব্যক্তি । ব্যক্তিজনৰ আচৰণ ইমান এটা সুস্থিৰ দেখা নগৈছিল । সেয়েহে ইয়াক প্ৰতক্ষ্য কৰি এজন যুৱকে মনে্ মনে ব্যক্তিজনৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে ।

ইয়াৰ মাজতে ব্যক্তিজনে হঠাতে এগৰাকী যুৱতীক অপ্ৰীতিকৰ স্পৰ্শৰে দুৰ্ব্যৱহাৰ কৰি মুহূৰ্ততে সেই স্থানৰ পৰা আঁতৰি যায় (Bengaluru Woman Sexually Harassed) । অৱশ্যে যুৱতীগৰাকীয়ে ইয়াৰ কোনো প্ৰতিবাদ নকৰিলে যদিও এই সমস্ত ঘটনাৰ সকলো ভিডিঅ’টোত ধৰা পৰিছে । ইয়াৰ পিছতে যুৱকজনে এই অভব্য আচৰণৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰে । ইফালে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে (Video Goes Viral)।

এই ঘটনাটো দেওবাৰে সন্ধিয়া বাংগালুৰুৰ এটা জনপ্ৰিয় তথা সদাব্যস্ত শ্বপিং মলত সংঘটিত হৈছিল । যিজন যুৱকে ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, তেওঁ সেই সময়ত তাতেই উপস্থিত আছিল ।

ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ’টোৰ লগতে তেওঁ লিখিছে, “আজি সন্ধিয়া ৬:৩০ মান বজাত এই ঘটনাটো সংঘটিত হৈছিল । বাংগালুৰুৰ এটা মলত এগৰাকী যুৱতীৰ লগত এজন ব্যক্তিয়ে অভব্য আচৰণ কৰিছিল । প্ৰথমতে ব্যক্তিজনৰ আচৰণত মোৰ সন্দেহ হৈছিল । সেয়েহে মই তেওঁৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰিছিলো । ইয়াৰ মাজতে ব্যক্তিজনে এগৰাকী যুৱতীৰ লগত অভব্য আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু লগে লগে সেই স্থানৰ পৰা আঁতৰি যায়(Young woman being sexually harassed by an elderly man) । এই সকলোবোৰ মোৰ এই ভিডিঅ’টোত ধৰা পৰিছে ।”

যুৱকজনে জনোৱা মতে, এই ঘটনাৰ পিছতে তেওঁ ভিডিঅ’টো লৈ শ্বপিং মলৰ নিৰাপত্তাৰক্ষীৰ কাষ চাপে । নিৰাপত্তাৰক্ষীয়েও লগে লগে শ্বপিং মলটোত ব্যক্তিজনৰ সন্ধানত তালাচী আৰম্ভ কৰে । কিন্তু ব্যক্তিজনে ততাতৈয়াকৈ তাৰ পৰা পলায়ন কৰাত নিৰাপত্তাৰক্ষী ধৰিব নোৱাৰিলে । অৱশ্যে এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মলটোৰল কৰ্তৃপক্ষই তেওঁক অৱগত কৰিছে ।

ইফালে এই ঘটনাটোক লৈ আৰক্ষীক এই পৰ্যন্ত কোনেও লিখিত অভিযোগ দাখিল কৰা নাই যদিও যুৱকজনৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ লগে লগে মাগৰী ৰোড আৰক্ষী থানাৰ দৃষ্টিগোচৰ হয় । ইয়াৰ পিছতে আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক: ED Summons Arvind Kejriwal: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)