National Unity Day 2023: লৌহমানৱৰ জন্মজয়ন্তী উপলক্ষ্যে দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস পালন

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষ্যে আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস । ৰাষ্ট্ৰীয় একতা দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে লৌহ মানৱগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

National Unity Day 2023 prez murmu pm modi and others pays tributes to sardar vallabhbhai patel on his birth anniversary
National Unity Day 2023: লৌহমানৱৰ জন্মজয়ন্তী উপলক্ষ্যে দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস পালন

নেশ্যনেল ডেস্ক, ৩১ অক্টোবৰঃ আজি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন তথা ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2023)। এই উপলক্ষ্যে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ষ্টেচ্যু অৱ ইউনিটিত উপস্থিত হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে বল্লভ ভাই পেটেলৰ ৰাষ্ট্ৰীয়তাবাদ আৰু দূৰদৰ্শিতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “তেওঁ আমাৰ ৰাষ্ট্ৰৰ ভাগ্যক এটা ৰূপ দিছিল।”

একেধৰণে মঙলবাৰে দেশৰ ৰাজধানীৰ পেটেল চ’কত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে ভাগেসংখ্যক বিশিষ্ট ব্যক্তিয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষ্যে মাল্যাৰ্পণ কৰে ।

আজি সামাজিক মাধ্যমত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত তেখেতৰ অদম্য মনোভাৱ, দূৰদৰ্শী ৰাষ্ট্ৰীয়তাবাদ আৰু অসাধাৰণ নিষ্ঠাৰ কথা আমি মনত পেলাইছো । যাৰ দ্বাৰা তেওঁ আমাৰ ৰাষ্ট্ৰখনৰ ভাগ্যক গঢ় দিছিল । ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতাই আমাক পথ প্ৰদৰ্শন কৰে । আমি তেখেতৰ এই সেৱাৰ বাবে চিৰ ঋণী হৈ থাকিম ।”

১৮৭৫ চনত গুজৰাটত জন্মগ্ৰহণ কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে । পেছাত তেখেত আছিল এগৰাকী উকীল । তাৰোপৰি স্বাধীনতা সংগ্ৰামৰ সময়চোৱাত তেখেতে কংগ্ৰেছৰ এগৰাকী নেতা হিচাপে থাকি দেশৰ পিতা মহাত্মা গান্ধীৰ সহযোগী হিচাপে আত্মপ্ৰকাশ কৰিছিল । স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী হিচাপে, তেখেতৰ দৃঢ়তাৰ বাবে শ শ ৰাজকীয় ৰাজ্যক ইউনিয়নত একত্ৰিত কৰাৰ কৃতিত্ব লাভ কৰিছিল ।

সামাজিক মাধ্যমত লিখা এক পোষ্টত শ্বাহে উল্লেখ কৰিছে, “চৰ্দাৰ বল্লভ ভাই পেটেলৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল ভাৰতৰ একতা আৰু সমৃদ্ধি । দৃঢ় ইচ্ছাশক্তি, ৰাজনৈতিক প্ৰজ্ঞা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা পেটেলে ভাৰতক ৫৫০ খনতকৈও অধিক ৰাজ্যত বিভক্ত কৰি এখন ঐক্যবদ্ধ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিছিল । দেশৰ প্ৰথম গৃহমন্ত্ৰী হিচাপে চৰ্দাৰ চাহেবে ৰাষ্ট্ৰ নিৰ্মাণৰ কামৰ প্ৰতি নিজক সমৰ্পণ কৰা কাৰ্যই আমাক সদায় অনুপ্ৰাণিত কৰিব । লৌহ পুৰুষ চৰ্দাৰ পেটেলৰ জন্ম জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জনালোঁ । “

লগতে পঢ়ক: Emergency alert messages: জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰে হঠাৎ আপোনাৰ মোবাইল ফোনটো বাজি উঠিছে নেকি ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter)FacebookYouTubeThreads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)