Rajnath Singh in Mizoram: মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশ ঘটিছে : ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে যে দিল্লী, মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ কেৱল দূৰত্বৰ ফালৰ পৰাই দূৰৈত নহয়, এই মহান পুৰণি দলটো(Grand old party)ৰ কাৰ্যকালত তেওঁলোকৰ চৰকাৰৰ হৃদয়ৰ পৰাও অঞ্চলটো দূৰৈত আছিল ।

Rajnath Singh in Mizoram North East developed rapidly after Modi led NDA government came to power Rajnath Singh
Rajnath Singh in Mizoram: মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশ ঘটিছে : ৰাজনাথ সিং

চিয়া, মিজোৰাম, ১ নৱেম্বৰ: বুধবাৰে মিজোৰামৰ চিয়াত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) কয় যে, প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট(National Democratic Alliance)ৰ চৰকাৰখন শাসনলৈ অহাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশ ঘটিছে ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে যে দিল্লী, মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ কেৱল দূৰত্বৰ ফালৰ পৰাই দূৰৈত নহয়, এই মহান পুৰণি দলটো(Grand old party)ৰ কাৰ্যকালত তেওঁলোকৰ চৰকাৰৰ হৃদয়ৰ পৰাও অঞ্চলটো দূৰৈত আছিল ।

বুধবাৰে সভাখনত ভাষণ দি ৰাজনাথ সিঙে কয়, “যেতিয়া দিল্লীত কংগ্ৰেছৰ শাসন আছিল(Congress rule in Delhi), সেই সময়ত মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ কেৱল দূৰত্বৰ ফালৰ পৰাই দূৰৈত নহয়, বৰঞ্চ আমাৰ হৃদয়ৰ পৰাও দূৰৈত আছিল । মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰখন শাসনলৈ অহাৰ পিছত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত বিকশিত হৈছে(Rajnath Singh in Mizoram) ।”

তেওঁ লগতে কয়, “মই যোৱা ২০ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ(North Eastern states) ভ্ৰমণ কৰি আহিছো । এটা সময়ত এই অঞ্চলটোত সংযোগৰ এটা বৃহৎ সমস্যা দেখিবলৈ পোৱা গৈছিল । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানীবোৰলৈ যোৱাটোও সহজ নাছিল । নাছিল কোনো পোনপটীয়া পথ । আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ দিল্লীৰ সৈতে প্ৰত্যক্ষ সংযোগত আছে, কাৰণ প্ৰতিখন ৰাজ্যই এতিয়া বিমানবন্দৰৰ সৈতে সংযুক্ত হৈ আছে । ২০১৪ চনত উত্তৰ-পূৰ্বাঞ্চলত ৮টা বিমানবন্দৰ আৰু ১টা জলপথ আছিল; এতিয়া ১৭ টা বিমানবন্দৰ আৰু ১৮ টা জলপথ আছে ।”

মিজোৰামৰ এই কাৰ্যসূচীৰ পূৰ্বে, মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ছত্ৰপতি শিৱাজী মহাৰাজ(Chhatrapati Shivaji Maharaj)ৰ জীৱনৰ আধাৰত নিৰ্মিত ‘জনতা ৰাজা’- নাটকখনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ।

২০০৫ চনত মুম্বাইত চোৱা এটা অনুষ্ঠানৰ কথা মনত পেলাই ৰাজনাথ সিঙে কয় যে, ইয়াৰ পিছদিনা তেওঁক দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে ঘোষণা কৰা হৈছিল । লগতে তেওঁ এই কাৰ্যসূচীৰ আয়োজকসকলক অনুষ্ঠানটো চাবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, “মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ উপৰিও তেওঁলোকে এই নাটকখনৰ জড়িয়তে ছাত্ৰপতি শিৱাজী মহাৰাজৰ জীৱন বাৰ্তাসমূহ ইয়াৰ জনসাধাৰণৰ মাজত উপস্থাপন কৰিবলৈ সক্ষম হৈছে ।”

জনতা ৰাজা হৈছে ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱনৰ ওপৰত আধাৰিত শ্ৰীমন্ত বাবাচাহেব পুৰন্দৰে ৰচনা কৰা এখন এখন চমু মঞ্চ নাটক(Stage drama Janata Raja) ।

লগতে পঢ়ক: Army soldiers injured: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এল অ’ চিত লেণ্ডমাইন বিস্ফোৰণ, তিনিজন সেনা জোৱান আহত

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)