Mizoram election 23: ৭৭.৪ শতাংশ ভোটদানেৰে বিয়লি ৫ বজাত সমাপ্ত মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ

মিজো নেচনেল ফ্ৰণ্টৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী জোৰামথাংগাই পূৱ আইজল-১ বিধানসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক আহ্বান জনাইছে ।

Mizoram election 23 Voting for Mizoram Assembly concludes at 4 pm with 76 per cent voter turnout
Mizoram election 23: ৭৬ শতাংশ ভোটদানেৰে বিয়লি ৪বজাত সমাপ্ত মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ

আইজল, ৭ নৱেম্বৰ: ৭৬ শতাংশ ভোটদানৰ হাৰেৰে সমাপ্ত হ’ল মঙলবাৰে অনুষ্ঠিত ৪০ খন আসনৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটদান ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত অনুষ্ঠিত নিৰ্বাচনত বিয়লি ৩ বজা পৰ্যন্ত ৬৯.৮৭ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ বিয়লি ৫ বজাত সমাপ্ত হোৱা বুলি নিৰ্বাচন আয়োগৰ বিষয়াই জানিবলৈ দিছে। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি সৰ্বমূঠ ৭৭.৪ শতাংশ ভোটগ্ৰহণেৰে সমাপ্ত হয় মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ ।

তথ্য অনুসৰি টুইচাং বিধানসভা সমষ্টিত ৭৭.১২ শতাংশ, টুইকুম বিধানসভা সমষ্টিত ৮১.৩৩ শতাংশ, ইষ্ট টুইপুই বিধানসভা সমষ্টিত ৭৫.১২ শতাংশ আৰু লংটলাই পশ্চিম বিধানসভা সমষ্টিত ৭৬.৪৪ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে।

ইফালে মিজো নেচনেল ফ্ৰণ্টৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী জোৰামথাংগাই পূৱ আইজল-১ বিধানসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক আহ্বান জনাইছে ।

জোৰাম পিপলছ মুভমেণ্ট(ZPM)ৰ মুৰব্বী তথা প্ৰাক্তন আই পি এছ বিষয়া লালডুহোমাই চেৰচিপ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে । তেওঁক দলটোৰ মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত এগৰাকী প্ৰাৰ্থী ।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে (Mizo National Front) ৩৭.৮ শতাংশ ভোটেৰে ২৬ খন আসন লাভ কৰি কংগ্ৰেছক ক্ষমতাৰ পৰা বাহিৰ কৰিছিল।

মিজো নেচনেল ফ্ৰণ্ট, ইণ্ডিয়ান নেচনেল কংগ্ৰেছ আৰু জোৰাম পিপলছ মুভমেণ্টে ৪০ খন আসনৰ আটাইকেইখনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও বিজেপিয়ে ২৩ গৰাকী প্ৰাৰ্থীহে নিৰ্বাচনত প্ৰক্ষেপ কৰিছে।

ছত্তীশগড় বিধানসভা নিৰ্বাচনত ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণো মঙলবাৰে অনুষ্ঠিত হৈ যায়। অহা ৩ ডিচেম্বৰত মিজোৰাম, ছত্তীশগড় আৰু এই মাহৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ’বলগা আন তিনিখন ৰাজ্যকে ধৰি পাঁচোখন ৰাজ্যৰ ভোট গণনা কৰা হ’ব ।

লগতে পঢ়ক: Mizoram Assembly Election 23: মিজোৰামত পুনৰ ক্ষমতালৈ অহাৰ ওপৰত আত্মবিশ্বাসী জোৰামথাংগা

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)