Human trafficking case: মানৱ সৰবৰাহৰ গোচৰত অসমকে ধৰি দেশৰ ১০খন ৰাজ্যত NIAৰ অভিযান

অপৰাধৰ সৈতে জড়িত সন্দেহজনক লোকৰ বিৰুদ্ধে পোৱা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বুধবাৰে পুৱাই এন আই এৰ বহুকেইটা দলে এইকেইখন ৰাজ্যত অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

NIA raids 10 states in human trafficking cases
Human trafficking case: মানৱ সৰবৰাহৰ গোচৰত অসমকে ধৰি দেশৰ ১০খন ৰাজ্যত NIAৰ অভিযান

নতুন দিল্লী, ৮ নৱেম্বৰ: ৰাষ্ট্ৰীয় তদন্ত সংস্থা নিয়াই বুধবাৰে দেশৰ ১০খন ৰাজ্যত মানৱ সৰবৰাহৰ গোচৰৰ বিৰুদ্ধে চলাইছে অভিযান।

ত্ৰিপুৰা, অসম, পশ্চিম বংগ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা, হাৰিয়ানা, পুডুচেৰী, ৰাজস্থান, আৰু জম্মু-কাশ্মীৰত এন আই এয়ে(National Investigation Agency) এই গোচৰৰ বিৰুদ্ধে চলাইছে তালাচী অভিযান।

প্ৰতিখন ৰাজ্যৰ আৰক্ষী(State police forces)ৰ সহযোগত মানৱ সৰবৰাহৰ এই গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত একাংশ লোকৰ বাসগৃহ আৰু অন্যান্য স্থানত এন আই এয়ে এই অভিযান চলাই গৈছে।

অপৰাধৰ সৈতে জড়িত সন্দেহজনক লোকৰ বিৰুদ্ধে পোৱা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বুধবাৰে পুৱাই এন আই এৰ বহুকেইটা দলে এইকেইখন ৰাজ্যত অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

এন আই এৰ সূত্ৰ অনুসৰি, আন্তঃৰাষ্ট্ৰীয় চক্ৰৰে সম্পৰ্ক থকা মানৱ সৰবৰাহকাৰীৰ ৰেকেটটোক উৎখাত কৰাৰ উদ্দেশ্যৰেই এই ১০খন ৰাজ্যৰ ৮০টাতকৈও অধিক স্থানত এন আই এৰ চোৰাংচোৱাই অভিযান চলাইছে (Human traffickers international links)।

উল্লেখ্য যে, যোৱাটো মাহত বেংগালুৰুৰ পৰা এন আই এৰ এটা দলে শ্ৰীলংকাৰ পৰা মানৱ সৰবৰাহ কৰাৰ এটা গোচৰৰ ভিত্তিত এটা পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল (Sri Lankan human trafficking case)। ইমৰাণ খান নামৰ অভিযুক্তটোৱে মানৱ সৰবৰাহকাৰীৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৰে মিলি বেংগালুৰু আৰু মংগালুৰুৰ বিভিন্ন স্থানলৈ শ্ৰীলংকাৰ বহু লোকক সৰবৰাহ কৰিছিল।

এই গোচৰটোক এক আন্তৰ্জাতিক মাত্ৰা(International dimensions) প্ৰদান কৰি ফেডাৰেল সংস্থাটোৱে স্থানীয় আৰক্ষীৰ পৰা গোচৰটোৰ দ্বায়িত্ব লৈছিল। এই গোচৰত পাঁচজন ভাৰতীয় অভিযুক্ত- ধীনকাৰণ ওৰফে আয়া, কাছি বিশ্বনাথন, ৰাছুল, সাথাম উচেন, আৰু আব্দুল মুহিতুৰ বিৰুদ্ধে ২০২১ চনৰ অক্টোবৰ মাহত এন আই এয়ে প্ৰাৰম্ভিক অভিযোগনামা দাখিল কৰিছিল। ইফালে চলিত বছৰৰ অক্টোবৰ মাহৰ শেষৰ ফালে, এন আই এৰ দ্বাৰা গোচৰটোৰ বিৰুদ্ধে মুঠ 13 জন সন্দেহজনক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

একেদৰে এন আই এয়ে আৰু বহুকেইটা মানৱ সৰবৰাহৰ গোচৰ(Human trafficking case)ৰ তদন্ত কৰি আছে য’ত এচাম নিৰীহ লোকক চোৰাং সৰবৰাহকাৰীয়ে ভূৱা প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰে, যাৰ ভিতৰত আছে কানাডালৈ প্ৰব্ৰজনৰ বাবে বৈধ নথিপত্ৰ প্ৰাপ্ত কৰাৰ সম্ভাৱনা(Legitimate documentation for emigration) আৰু নিযুক্তিৰ সুযোগ সুৰক্ষিত কৰাৰ দৰে বিভিন্ন উদ্দেশ্য।

লগতে পঢ়ক: Mizoram Assembly Election 23: মিজোৰামত পুনৰ ক্ষমতালৈ অহাৰ ওপৰত আত্মবিশ্বাসী জোৰামথাংগা

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)