Pamban bridge Rameshwaram: দেশৰ প্ৰথমখন হাইড্ৰলিক ৰেল দলং উদ্বোধন হ’ব আগন্তুক ফেব্ৰুৱাৰীত, জানো আহক কিয় বিশেষ এই দলংখন ?

দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হৈছে ৪২ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (India International Trade Fair)। এই বানিজ্য মেলাত ভাৰতীয় ৰে’লৱেৰ উদ্যোগত এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে(Indian railway)। এই প্ৰদৰ্শনীখনত নিৰ্মাণৰত পাম্বন ৰেল দলংখনে কি ধৰণে কাম কৰিব সেয়া এটা মডেলৰ জৰিয়তে দৰ্শকক দেখুৱালে ৰেল বিভাগে(Pamban bridge Rameshwaram) ।

Pamban bridge Rameshwaram Indias first hydraulic railway bridge will be inaugurated in February 2024
Pamban bridge Rameshwaram: দেশৰ প্ৰথমখন হাইড্ৰলিক ৰেল দলং উদ্বোধন হ'ব আগন্তুক ফেব্ৰুৱাৰীত, জানো আহক কিয় বিশেষ এই দলংখন ?

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ: তামিলনাডুৰ ৰামেশ্বৰমৰ মান্নাৰ উপসাগৰৰ ওপৰেৰে দেশৰ প্ৰথমখন হাইড্ৰলিক ৰেল দলং “পাম্বন ব্ৰিজ” আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে(Pamban bridge Rameshwaram)। এই দলংখন নিৰ্মাণ কৰা হৈছে সাগৰপৃষ্ঠৰ ওপৰত । হাইড্ৰলিক ব্যৱস্থা প্ৰয়োগ কৰি নিৰ্মিত এই দলংখনক প্ৰয়োজন সাপেক্ষে তল-ওপৰ কৰিব পাৰিব । সাগৰেৰে ক্ৰুজাৰ জাহাজ পাৰ হোৱাৰ সময়ত এই দলংখনক ওপৰলৈ তুলি ধৰা হ’ব আৰু ৰে’ল অহাৰ সময়ত দলংখনক সেই দিশেৰে পাৰ হৈ যোৱা ৰে’লপথৰ লগত সংযোগ কৰি দিয়া হ’ব । যাৰ জড়িয়তে দলংখনৰ ওপৰেৰে সহজতে ৰে’ল পাৰাপাৰ হ’ব পাৰিব।

২০১৯ বৰ্ষৰ পৰা এই দলংখন নিৰ্মাণ কৰি থকা হৈছে। দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৪২ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত ইয়াৰ এটা মডেল প্ৰদৰ্শন কৰা হৈছে। পৱন দলংখনে কেনেধৰণে কাম কৰিব, সেয়া এটা মডেলৰ জৰিয়তে দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে(Indian railway bridge)।

দেশৰ প্ৰথমখন হাইড্ৰলিক ৰেল দলং

বৰ্তমানৰ পাম্বন ব্ৰিজৰ দৈৰ্ঘ ২.০৬ কিলোমিটাৰ:

১৯১৪ চনত ৰামেশ্বৰম দ্বীপলৈ যোৱা শতিকা পুৰণি এই ৰেল দলংখন নিৰ্মাণ কৰা হৈছিল । জাহাজৰ আগমন আৰু প্ৰস্থানৰ সময়ত দুৱাৰমুখ হিচাপে কাম কৰিছিল। ৰে’ল বিভাগে জনোৱা মতে, বৰ্তমানৰ এই পাম্বন ব্ৰিজৰ দৈৰ্ঘ্য ২.০৬ কিলোমিটাৰ আৰু ইয়াৰ ১২.২ মিটাৰৰ ১৪৫ টা স্প্যান আছে । এই বিখ্যাত দলংখনে দেশ বিদেশৰ লাখ লাখ পৰ্যটকক দৈনিক আকৰ্ষিত কৰি আহিছে। অৱশ্যে দলংখন পুৰণি হোৱাৰ ফলত এখন নতুন দলং নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিছিল ।

২০১৯ চনৰ পৰা সাগৰৰ ওপৰত আৰম্ভ কৰা হৈছিল এই দলংখন নিৰ্মাণৰ কাম । ৰেল বিভাগৰ বিষয়াসকলৰ মতে অত্যাধুনিক প্ৰযুক্তিৰে এই দলংখন নিৰ্মাণ কৰা হৈছে যাতে চুনামী আৰু ধুমুহাই দলংখনত কোনো প্ৰভাৱ পেলাব নোৱাৰে। ৫৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই দলংখনৰ দৈৰ্ঘ্য ২.০৮ কিলোমিটাৰ। তাৰোপৰি দলংখনত ৰেলৰ দুটা লাইন স্থাপন কৰা হৈছে ।

তামিলনাডুত অৱস্থিত এই দলংখন আছে দক্ষিণ ৰেলৱেৰ মাদুৰাই সংমণ্ডলৰ অধীনত । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই ৰে’লপথৰে ৰে’ল চলাচল আৰম্ভ হ’ব বুলি ৰে’ল বিভাগৰ বিষয়াই জানিবলৈ দিছে। এই ৰেলপথটো মুকলি হোৱাৰ পাছত ৰামেশ্বৰমলৈ যোৱা ভক্তসকলেও অধিক সকাহ পাব বুলি ৰেল বিভাগে উল্লেখ কৰিলে(Indian railway) ।

জানো আহক নৱনিৰ্মিত পাম্বন ব্ৰিজৰ বিশেষত্ব:

নতুনকৈ নিৰ্মাণ কৰা এই দলংখন ১৮.৩ মিটাৰৰ ৯৯টা স্পেন আৰু ৭২.৫ মিটাৰ ক্লিয়াৰ স্পেনৰ উলম্ব লিফ্ট স্পেনেৰে গঠিত।

ৰে’লৰ চলাচলত কোনো সমস্যাৰ সৃষ্টি নহ’বৰ বাবে এই দলংখনত দুটা ৰে’লপথ নিৰ্মাণ কৰা হৈছে ।

ৰেল দলংখনৰ এটা মূৰৰ পৰা আনটো মূৰলৈ জাহাজ চলাচলৰ সুবিধাৰ বাবে ইলেক্ট্ৰ’-মেকানিকেল ব্যৱস্থাৰে নেভিগেচনেল স্পেনবোৰ ১৭ মিটাৰ উচ্চতালৈকে তুলি ধৰিব পৰা যাব।

লগতে পঢ়ক: Uttarkashi Tunnel Collapse Updates: সুৰংগত আবদ্ধ শ্ৰমিকৰ সৈতে হ’ল বাৰ্তালাপ, উদ্ধাৰৰ বাবে সাজু হৈছে দল

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)