Uttarkashi tunnel rescue: মাতালিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা উদ্ধাৰ অভিযানৰ সবিশেষ ট্ৰেক কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে

১২ নৱেম্বৰত উত্তৰকাশী-য়ামনোত্ৰী পথৰ নিৰ্মাণৰত সুৰংগটোৰ এটা অংশ ভাগি পৰাৰ পিছত আবদ্ধ হৈ পৰা ৪১ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনাৰ বাবে চলি থকা প্ৰচেষ্টা(Uttarkashi tunnel rescue)ক নিৰিক্ষণ কৰি গৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ধামীয়ে(Silkyara tunnel in Uttarkashi)।

Uttarkashi tunnel rescue: মাতালিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা উদ্ধাৰ অভিযানৰ সবিশেষ ট্ৰেক কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে
Uttarkashi tunnel rescue: মাতালিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা উদ্ধাৰ অভিযানৰ সবিশেষ ট্ৰেক কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে

নেশ্যনেল ডেস্ক, ২৪ নৱেম্বৰ: উত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগৰ নিৰ্মাণৰ কাম চলি থকা সময়তে ইয়াৰ এটা অংশ ভাঙি পৰাৰ ফলত সুৰংগটোত আবদ্ধ শ্ৰমিকসকল আৰু উদ্ধাৰকাৰী দলৰ মাজত এতিয়া আছে মাত্ৰ কেইমিটাৰমানৰ দূৰত্ব(Uttarkashi tunnel rescue) । ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই উদ্ধাৰ অভিযানৰ মূহূৰ্তৰ খবৰ মূহূৰ্তত পাই থাকিবৰ বাবে সেই স্থানত নিৰ্মাণ কৰা হৈছে এটা অস্থায়ী কাৰ্যালয় শিবিৰ(Temporary office camp at Matali) ।

শুকুৰবাৰে প্ৰকাশ পোৱা এক চৰকাৰী বিবৃতি অনুসৰি, ১২ নৱেম্বৰত উত্তৰকাশী-য়ামনোত্ৰী পথৰ নিৰ্মাণৰত সুৰংগটোৰ এটা অংশ ভাগি পৰাৰ পিছত আবদ্ধ হৈ পৰা ৪১ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনাৰ বাবে চলি থকা প্ৰচেষ্টাক নিৰিক্ষণ কৰি গৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ধামীয়ে(Silkyara tunnel in Uttarkashi) ।

এই উদ্ধাৰ অভিযানৰ নিৰীক্ষণৰ উপৰিও মুখ্যমন্ত্রীগৰাকীয়ে ঘটনাস্থলীত উপস্থিত থকা বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগত থাকি প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰি গৈছে। ঘটনাস্থলীত উপস্থিত বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, পৰিস্থিতিক নিৰিক্ষণ কৰি থাকিবৰ বাবে সেই স্থানত ড্ৰ’ন-ও ব্যৱহাৰ কৰা হৈছে ।

ইফালে সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিককেইজনক উলিয়াই আনিবৰ বাবে চলাই থকা উদ্ধাৰ অভিযানে আজি ত্ৰয়োদশ দিনত ভৰি দিলে । অৱশ্যে সুৰংগটোৰ ভিতৰত আৱদ্ধ আটাইকেইগৰাকী শ্ৰমিক নিৰাপদ আৰু সুস্থ হৈ আছে বুলি বিষয়াসকলে জানিবলৈ দিছে । লগতে তেওঁলোকক নিয়মীয়াকৈ খাদ্য যোগান ধৰি থকাৰ লগতে কাউন্সেলিঙৰ ব্যৱস্থা কৰা বুলিও জানিব দিয়ে।

“আমি ইয়াত উদ্ধাৰকাৰ্যত অক্লান্তভাৱে কাম কৰি থকা দলটোক সহায় কৰিবৰ বাবে উপস্থিত হৈছো । আৱদ্ধ শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে আমি ড্ৰ’নৰো ব্যৱহাৰ কৰিছো যাতে তেওঁলোকৰ প্ৰতি মুহূৰ্তৰ স্থিতি নিৰীক্ষণ কৰি থাকিব পাৰো। ইয়াত ব্যৱহৃত ড্ৰ’নসমূহ উন্নত প্ৰযুক্তিৰে নিৰ্মিত হোৱাৰ বাবে ই সুৰংগৰ ভিতৰৰ পৰাও সুন্দৰকৈ ছবিসমূহ প্ৰেৰণ কৰিব পাৰে। এই ড্ৰ’নে জিপিএছ-সক্ষম নোহোৱা অঞ্চলসমূহতো কাম কৰি দৃশ্য প্ৰেৰণ কৰিব পাৰে আৰু এই অভিযানত প্ৰথমবাৰৰ বাবে এই ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে ।” স্কোয়াড্ৰন ইনফ্ৰা এণ্ড মাইনিং প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া চাইৰিয়াক জোছেফে এইদৰে কয় ।

বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁৰ দলটোৱে ড্ৰ’ন কেমেৰাৰ জৰিয়তে সুৰংগৰ ভিতৰত ঘটি থকা প্ৰতিটো কাৰ্যকলাপ অনুসৰণ কৰি থকা হৈছে। আমাৰ মূল উদ্দেশ্য হৈছে আবদ্ধ আটাইকেইগৰাকী শ্ৰমিকক সুৰংগটোৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা আৰু তেওঁলোকে অতি শীঘ্ৰেই পোহৰ দেখিবলৈ সক্ষম হ’ব বুলি আমি আশা কৰিছো।

উল্লেখ্য যে, বৃহস্পতিবাৰে চূড়ান্ত পৰ্যায়ত থকা উদ্ধাৰ অভিযানৰ সবিশেষ বুজ লৈছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ধামীয়ে । অৱশ্যে আৱদ্ধ শ্ৰমিকসকলক বাহিৰলৈ ওলিয়াই আনিবৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা ধৰি লোৱাটো উচিত নহয় বুলি ঘটনাস্থলীত উপস্থিত বিষয়াসকলে উল্লেখ কৰে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও(Prime Minister Narendra Modi) উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি অব্যাহত থকা উদ্ধাৰ অভিযান আৰু আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক সুৰক্ষিত ৰখাৰ বিষয়ক লৈ আপডেট বিচাৰে।

লগতে পঢ়ক: Mumbai airport threatened with bomb: মুম্বাই বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, বিটকইনৰ যোগেদি ১০ লাখ ডলাৰ দাবী

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)