Mumbai airport threatened with bomb: মুম্বাই বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, বিটকইনৰ যোগেদি ১০ লাখ ডলাৰ দাবী

এটা ই-মেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি ভাবুকি লাভ কৰিছে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই(Mumbai airport threatened with bomb)। এই খবৰ অৱগত হোৱাৰ পাছতে বিষয়টোক লৈ মুম্বাই আৰক্ষীয়ে অতি তৎপৰতাৰে আৰম্ভ কৰিছে তদন্ত।

Mumbai airport threatened with bomb:মুম্বাই বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, বিটকইনৰ যোগেদি ১০ লাখ ডলাৰ দাবী
Mumbai airport threatened with bomb:মুম্বাই বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, বিটকইনৰ যোগেদি ১০ লাখ ডলাৰ দাবী

নেশ্যনেল ডেস্ক, ২৪ নৱেম্বৰ: মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-২ত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান(Mumbai airport threatened with bomb) । দুৰ্বৃত্তই ই-মেইলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। ভাবুকিটোৰ জৰিয়তে ই-মেইল প্ৰেৰণ কৰাজনে ৪৮ ঘণ্টাৰ ভিতৰত বিটকইনৰ জড়িয়তে ১০ লাখ ডলাৰ দিবলৈ উল্লেখ কৰা হৈছে। ভাবুকিৰ এই ই-মেইলটো পোৱাৰ লগে লগেই মুম্বাই আৰক্ষীয়ে অতি তৎপৰতাৰে বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে(Mumbai Police started investigation)।

তথ্য অনুসৰি যিটো ই-মেইলৰ জৰিয়তে এই ভাবুকি প্ৰেৰণ কৰা হৈছিল সেই ই-মেইলটো ইতিমধ্যে চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনে quaidacasrol@gmail.com নামেৰে মেইল আইডিটো ব্যৱহাৰ কৰি এই ভাবুকি প্ৰেৰণ কৰিছিল(Mumbai Airport receives email threat)। একে সময়তে মুম্বাই আৰক্ষীয়ে এই অচিনাকি ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰায় ১১ বজাত প্ৰেৰণ কৰা হৈছিল এই ভাবুকি। একে সময়তে বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে বিমানবন্দৰটোৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

৪৮ ঘণ্টাৰ ভিতৰত উৰাই দিয়াৰ ভাবুকি
ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰা ভাবুকিটোত উল্লেখ কৰা অনুসৰি,এইটোৱেই হৈছে শেষ সতৰ্কবাণী। যদি মেইলত দিয়া নিৰ্দিষ্ট ঠিকনাত বিটকইনৰ জড়িয়তে এক মিলিয়ন ডলাৰ দিয়া নহয়, তেন্তে ৪৮ ঘণ্টাৰ ভিতৰত বিমানবন্দৰটোৰ টাৰ্মিনেল-২ উৰুৱাই দিয়া হ’ব। লগতে মেইলটোত উল্লেখ থকা অনুসৰি, ২৪ ঘণ্টাৰ পিছত আন এটা মেইল ​​প্ৰেৰণ কৰা হ’ব। ইয়াৰ পিছতেই মুম্বাই আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি মেইল ​​প্ৰেৰণ কৰা ব্যক্তিজনক চিনাক্ত কৰিবৰ বাবে অতি তৎপৰতাৰে চলাই আছে তদন্ত ।

লগতে পঢ়ক: Pamban bridge Rameshwaram: দেশৰ প্ৰথমখন হাইড্ৰলিক ৰেল দলং উদ্বোধন হ’ব আগন্তুক ফেব্ৰুৱাৰীত, জানো আহক কিয় বিশেষ এই দলংখন ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)