Four state assembly elections 2023 result: চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে কেনে প্ৰভাৱ পেলাব পাৰে I.N.D.I.A মিত্ৰতাত ?

বিৰোধী ঐক্যৰ নামেৰে দেশৰ চাৰিখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দলৰ অংকত যেন আউল লাগিল ! হিন্দী বেল্টৰ তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে কংগ্ৰেছক বৰ বেয়াকৈ মুখ খেকেচা খুৱালে(Four state assembly elections 2023 result)। অৱশ্যে তেলেংগানাত জয় নিশ্চিত কৰিহে দলটোৱে সামান্য সকাহ পাবলৈ সক্ষম হয় ।

Four state assembly elections 2023 result messege for India alliance 2024 general elections
চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে কেনে প্ৰভাৱ পেলাব পাৰে I.N.D.I.A মিত্ৰতাত ?

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ধাৰা আৰু ফলাফল ইতিমধ্যেই ওলাই পৰিছে। হিন্দী বেল্টৰ তিনিওখন ৰাজ্যতে বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কেৱল মাত্ৰ তেলেংগানাত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় (Four state assembly elections 2023 result)। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই নিৰ্বাচনক ক্ষমতাৰ ছেমি ফাইনেল হিচাপে বিবেচনা কৰা হৈছে। যদি আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দৃষ্টিকোণৰ পৰা এই ফলাফলৰ মূল্যায়ন কৰোঁ, তেন্তে ইয়াৰ প্ৰভাৱ I.N.D.I.A মিত্ৰজোঁটৰ ওপৰত স্পষ্টভাৱে দেখা যায়।

ৰাজ্যকেইখনৰ নিৰ্বাচনী ফলাফল যিধৰণে দেখিবলৈ পোৱা গ’ল, এনে পৰিপেক্ষিতত বিৰোধী মিত্ৰজোঁট I.N.D.I.A.এ নিজৰ ৰণনীতি সলনি কৰি আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অধিক প্ৰচেষ্টা চলাব লাগিব। অৱশ্যে তেলেংগানাত কংগ্ৰেছে যিধৰণে জয়লাভ কৰিছে, এই ক্ষেত্ৰত নিশ্চিতভাৱে মিত্ৰজোঁটৰ দলসমূহে ইয়াক লৈ ‘দৰদাম’ কৰিব লগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহ’ব ; কিন্তু হিন্দী বেল্টত যিদৰে পৰাস্ত হৈছে, ইয়াৰ বাবে কিন্তু কংগ্ৰেছে ইয়াৰ ফল ভুগিব লাগিব। ২০২৪ চনৰ বাবে আসনৰ ভাগ-বতৰাক লৈও বিবাদ বৃদ্ধি পাব পাৰে।

বিজেপিক পৰাস্ত কৰিবলৈ তৃণমূল কংগ্ৰেছ (TMC), আম আদমী পাৰ্টি (AAP) আৰু সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহৰ একাংশ নেতাই পূৰ্বেই কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক I.N.D.I.A.ৰ মিত্ৰতা শক্তিশালী কৰিবৰ বাবে সকলোকে লগত লৈ আগুৱাই যাবৰ বাবে আহ্বান জনাইছিল। কিন্তু কংগ্ৰেছৰ ফালৰ পৰা যুক্তি দিছিল যে, ২৬-দলীয় বিৰোধী মিত্ৰজোঁট ( I.N.D.I.A.) কেৱল লোকসভা নিৰ্বাচনৰ বাবেহে গঠণ কৰা হৈছে।

মন কৰকিবলগীয়া যে, বিজেপি বিৰোধী মিত্ৰজোঁটে মোডী মেজিক ম্লান হোৱা বুলি কৰা দাবী কিন্তু এই নিৰ্বাচনৰ ফলাফলত দেখিবলৈ পোৱা নগ’ল। বৰঞ্চ মিত্ৰজোঁটৰ এই দাবী বিপৰীত হোৱাহে পৰিলক্ষিত হ’ল ।

মধ্যপ্ৰদেশতো মিত্ৰজোঁটৰ কৌশলৰ এক বিপৰীত ফলাফল দেখিবলৈ পোৱা গ’ল (MP assembly election result 2023)। ইয়াৰ মূল কাৰণ, বিজেপিয়ে প্ৰথমে পৰৱৰ্তী পাঁচ বছৰৰ বাবে বিনামূলীয়া ৰেচন যোগানৰ আঁচনিখন শক্তিশালী কৰাৰ লগতে ৰাজ্যখনত নিজৰ সফল সামাজিক আঁচনিসমূহৰ ওপৰত বাজি ধৰা পৰিলক্ষিত হৈছিল। তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে অ’বিচিৰ লোকসকলক বাদ দিয়া বুলি ৰাহুল গান্ধীয়ে কৰা দাবীৰ প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা যায়। বিজেপিয়ে এই প্ৰসংগৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰিছিল যে, প্ৰধানমন্ত্ৰীগৰাকী নিজেই এগৰাকী অ’বিচি ব্যক্তি।

ইফালে ছত্তীশগড়তো দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰাত বিজেপি সম্পূৰ্ণৰূপে সফল হোৱা পৰিলক্ষিত হয় (Chhattisgarh election 2023 result)। আনহাতে ৰাজস্থানৰ কথা কবলৈ যাও, তেন্তে ৰাজ্যখনৰ জনসাধাৰণে পুনৰ এবাৰ পূৰ্বৰ পৰম্পৰাকে অনুমোদন জনোৱা বুলি ক’ব লাগিব(Rajasthan assembly election result 2023)। এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ বাবে একমাত্ৰ ভাল খবৰটো তেলেংগানাৰ পৰা আহিল(Telangana election result 2023) যদিও চাৰিওখন ৰাজ্যৰ ফলাফলে এই কথাকেই স্পষ্ট কৰে যে, বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে কংগ্ৰেছে আৰু অধিক কষ্ট কৰিব লাগিব।

লগতে পঢ়ক: Gold Medal to Ministry of Ayush: উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আয়ুষ মন্ত্ৰালয়লৈ স্বৰ্ণ পদক

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)