Manipur fresh violence: মণিপুৰত দুই উগ্ৰপন্থী গোটৰ মাজত হোৱা সংঘৰ্ষত ১৩ জনৰ মৃত্যু

লাহে লাহে সুস্থিৰ অৱস্থালৈ গতি কৰাৰ মাজতে অশান্ত মণিপুৰৰ টেংনুপাল জিলাত সোমবাৰে দুটা উগ্ৰপন্থী গোটৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা(Manipur fresh violence)। এই ঘটনাটোত নিহত হয় কমেও ১৩ জন লোক ।

Manipur fresh violence At least 13 killed in gunfight between two groups of militants in Manipur
মণিপুৰত দুই উগ্ৰপন্থী গোটৰ মাজত হোৱা সংঘৰ্ষত ১৩ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, ৪ ডিচেম্বৰ: অশান্ত মণিপুৰত পুনৰ উত্তেজনা । ৰাজ্যখনৰ টেংনুপাল জিলাত সোমবাৰে দুটা উগ্ৰপন্থীৰ গোটৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়(Manipur fresh violence) । গুলীয়াগুলীৰ এই ঘটনাটোত কমেও ১৩ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে । এই গুলীয়াগুলীৰ ঘটনাটো জিলাখনৰ লিথু গাঁৱত সংঘটিত হৈছিল । ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত নিৰাপত্তা বাহিনীয়ে বৰ্তমানলৈকে ১৩টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু মৃত লোককেইজনৰ এজনো স্থানীয় নহয় বুলি নিশ্চিত কৰিছে মণিপুৰৰ ৰাজ্য প্ৰশাসনে ।

এই ঘটনাৰ পিচতে ৰাজ্য প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, ঘটনাস্থলীত উপস্থিত নিৰাপত্তা বাহিনীয়ে মৃতদেহকেইটাৰ কাষত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ পোৱা নাছিল । লগতে আন এগৰাকী বিষয়াই কোৱা অনুসৰি, মৃত লোককেইজনৰ এজনো লিথু অঞ্চলৰ নহয় । নিহত আটাইকেইজনেই অন্য স্থানৰ লোকহে আছিল । তেওঁলোকে সম্ভৱতঃ কোনো অন্য স্থানৰ পৰা আহি আছিল ।

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে সংঘৰ্ষৰ এই ঘটনাটোৰ সন্দৰ্ভত তদন্ত চলাই থকা বুলি প্ৰশাসনৰ এগৰাকী বিষয়াই জানিবলৈ দিছে । মন কৰিবলগীয়া যে, ঘটনা সংঘটিত হোৱা টেংনুপাল জিলাখন মণিপুৰ আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত । ইয়াৰ পূৰ্বেও ম্যানমাৰৰ সৈতে সীমান্ত অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হৈ অহা বুলি মণিপুৰ প্ৰশাসনে উল্লেখ কৰি আহিছে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ 3 মে’ৰ পৰা ৰাজ্যখনৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকসকলৰ মাজত হোৱা জাতিগত সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । এই সংঘৰ্ষত অতি কমেও ১৮২গৰাকী লোকে মত্যুক সাৱতি লোৱাৰ লগতে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হ’ব লগা হৈছিল ।

মন কৰিবলগীয়া যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰৰ আটাইতকৈ পুৰণি উগ্ৰপন্থী সংগঠন ইউনাইটেড নেশ্যনেল লিবাৰেচন ফ’ৰ্চ (UNLF)ৰ সৈতে নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ মাত্ৰ চাৰিদিনৰ পিছতে এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ বিষয়টোৱে অধিক তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: Four state assembly elections 2023 result: চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে কেনে প্ৰভাৱ পেলাব পাৰে I.N.D.I.A মিত্ৰতাত ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)