Michaung in Chennai: চেন্নাইত মিচাঙৰ বিধ্বংসী ৰূপ, ৮ জন নিহত হোৱাৰ লগতে ১৫ জনতকৈ অধিক আহত

তামিলনাডুৰ ৰাজধানী চেন্নাইত ঘূৰ্ণীবতাহ মিচাঙৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ জনতকৈ অধিক লোক আহত হৈছে (Michaung in Chennai)। পূৰ্ণগতিত চলিছে সাহায্য আৰু উদ্ধাৰ অভিযান ।

Michaung in Chennai Cyclone Michaung has killed several people in Chennai Tamil Nadu
চেন্নাইত মিচাঙৰ বিধ্বংসী ৰূপ, ৮ জন নিহত হোৱাৰ লগতে ১৫ জনতকৈ অধিক আহত

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: দেশৰ বহুকেইখন ৰাজ্যত ঘূৰ্ণীবতাহ মিচাঙৰ ভয়াৱহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এই বিধ্বংসী ঘূৰ্ণীবতাহত অধিক ক্ষতিগ্ৰস্ত হৈছে তামিলনাডুৰ চেন্নাই। তীব্ৰ ৰূপত অহা ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ঘূৰ্ণীবতাহে উভালি পেলালে শ শ গছ গছনি, বিদ্যতৰ খুটা । ঘূৰ্ণীবতাহৰ লগতে একেলেঠাৰিয়ে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বানৰ সৃষ্টি হৈছে । তামিলনাডুৰ ৰাজধানী চেন্নাইৰ বিভিন্ন স্থানত এই বিধ্বংসী ঘূৰ্ণীবতাহৰ ফলত মুঠ ৮ জনকৈ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ১৫ জনতকৈ অধিক লোক আহত হোৱাৰ তথ্য পোৱা গৈছে(Cyclone Michaung has killed several people)। লগতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

তীব্ৰ ৰূপ ধাৰণ কৰা প্ৰাকৃতিক দুৰ্যোগ ঘূৰ্ণীবতাহ মিচাঙৰ ফলত সৃষ্ট বানত চেন্নাইৰ অধিকাংশ অঞ্চল পানীত ডুব গৈছে। এই ভয়াৱহ দুৰ্যোগৰ সময়ত পানীত উদ্ভৱ হোৱা বিদ্যুতৰ ফলত বহুলোক বিদ্যুৎস্পৃষ্ট হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ সাহায্য আৰু উদ্ধাৰ অভিযানো পূৰ্ণগতিত চলি আছে। পথত পানী জমা হোৱা আৰু গছ-গছনি উভালি পৰাৰ ফলত লোকসকলে যান-জঁটৰ সমস্যাৰো সন্মুখীন হ’বলগীয়া হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জিচিচি, জিলা নিগমৰ অন্যান্য বিভাগ, টিএনএছডিএমএৰ কৰ্মচাৰীকে ধৰি ব্যক্তিগত স্বেচ্ছাসেৱকসকলে পৰিস্থিতি স্বাভাৱিক কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বৈদ্যনাথন ফ্লাই অভাৰ (H-5 New Washermanpet PS limit)ৰ সমীপৰ প্লেটফৰ্মত এজন অচিনাক্ত ব্যক্তিৰ (বয়স আনুমানিক ৭০ বছৰ) মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰৰ পাছতেই মৃতদেহটো স্থানীয় চৰকাৰী ষ্টেনলি হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়। একেধৰণে ডিণ্ডিগুল জিলাৰ নাথামৰ চেন্থুৰাই নিবাসী পদ্মনাভন (বয়স ৫০) নামৰ আন এজন ব্যক্তিও বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ল’ন স্কোৱাৰ ৰোডত ব্যক্তিজনৰ মৃত্যু হয়। ইয়াৰোপৰি বেসেন্ত নগৰতো এজোপা গছ উভালি পৰাৰ ফলত অঞ্চলটোৰ মুৰুগান (৩৫ বছৰ)নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

এই বিধ্বংসী ঘূৰ্ণীবতাহৰ মাজতে ফ’ৰশ্ব’ৰ এষ্টেটৰ বাছ ডিপোত উদ্ধাৰ হৈছে প্ৰায় ৬০ বছৰীয়া এগৰাকী অচিনাক্ত মহিলাৰ আন এটা মৃতদেহ। উদ্ধাৰকাৰী দলে মৃতদেহটো জি আৰ এইচলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । তাৰোপৰি দুৰাইপকমৰ গণেশন (বয়স ৭০) চেলভা বিনয়গ নামৰ আন এজন ব্যক্তিয়ে কোভিল ষ্ট্ৰীটত অৱস্থিত তেখেতৰ ঘৰৰ সমীপতে বজ্ৰপাতৰ আঘাতত মৃত্যুক সাৱতিব লগা হয়। শেহতীয়াকৈ প্ৰাপ্ত আন এক খবৰ অনুসৰি, পাণ্ডিয়ান নগৰ নোচিকুপমৰ ভাৰত (৫৩ বছৰ) নামৰ আন এজন ব্যক্তিয়ে ইলায়ামমান কোভিল ষ্ট্ৰীট নোচিকুপামৰ সমীপত এখন দেৱাল ভাঙি পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে ।

প্ৰাপ্ত খবৰ অনুসৰি, চোলাইমেডু বিদ্যালয় চৌহদৰ ভিতৰত বৰষুণৰ ফলত জমা হোৱা পানীত মৃত অৱস্থাত উদ্ধাৰ হৈছে চেলভাম (বয়স ৫০) নামৰ আন এজন ব্যক্তি। চৰকাৰী বিদ্যালয়খনত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল আছিল চেলভাম। তাৰোপৰি আন এক ঘটনাত অসমৰ বাসিন্দা মিৰাজুল ইছলাম (১৯) নামৰ এজন লোকৰ পুৱা মৃগী ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বৃহত্তৰ চেন্নাই আৰক্ষীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ফ্ৰতিবেনখনত উল্লেখ কৰা অনুসৰি তেওঁ কোট্তুৰপুৰম নিগম বিদ্যালয়ত স্থাপিত এটা সাহায্য শিবিৰত অৱস্থান কৰিছিল।

এই বিধ্বংসী ঘূৰ্ণীবতাহৰ পৰা বচাবৰ বাবে এন ডি আৰ এফ, টি এন এফে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই গৈছে। সোমবাৰে বিয়লিৰ ভাগত এম জি ৰোড আদ্যাৰত বৰষুণৰ পানীত ডুব যোৱা এটা ঘৰৰ পৰা উদ্ধাৰ কৰে একেটা পৰিয়ালৰ তিনিজন সদস্যক। তাৰোপৰি এন-৩ মুথিয়ালপেট পি এছ সীমাত অৱস্থিত বি আৰ এন গাৰ্ডেনৰ পৰা উদ্ধাৰ কৰা হৈছে ৫৪টা পৰিয়াল। উদ্ধাৰকাৰী দলে দশৰথপুৰমৰ এটা ঘৰৰ পৰা পানীত আবদ্ধ অৱস্থাত নৱজাত শিশুসহ এগৰাকী মাতৃক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: Cyclone Michuang: Know all about cyclone Michaung

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)