KIFF 2023: কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ছলমান খানৰ সৈতে মমতা বেনাৰ্জীৰ নৃত্য

আজিৰে পৰা আৰম্ভ হৈছে ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ (KIFF 2023)। এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছলমান খানকে ধৰি বলীউডৰ অন্যান্য চেলিব্ৰিটিসকলৰ সৈতে মঞ্চত কৰিলে নৃত্য ।

Mamata Banerjee danced with Salman Khan at KIFF 2023
কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ছলমান খানৰ সৈতে মমতা বেনাৰ্জীৰ নৃত্য

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: আজিৰে পৰা কলকাতাত আৰম্ভ হৈছে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ (KIFF 2023) । নেতাজী ইনড’ৰ ষ্টেডিয়ামত আয়োজিত ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধন কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ‘ভাইজান’ ছলমান খান। মমতা বেনাৰ্জীৰ উপস্থিতিত ছুপাৰষ্টাৰগৰাকীয়ে বন্তি প্ৰজ্বলনেৰে চলচ্চিত্ৰ মহোৎসৱখনিৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানটোৰ এই দুগৰাকী বিশেষ ব্যক্তিৰ উপৰিও অনিল কাপুৰ, সোনাক্ষী সিনহা, মহেশ ভাট, শত্ৰুঘ্ন সিনহাকে ধৰি বহুকেইগৰাকী চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। মঙলবাৰৰ এই অনুষ্ঠানটোতে ছলমান খানক এক বিশেষ সন্মানো প্ৰদান কৰা হয়।

ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ বহুকেইখন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে । ইয়াৰে এটা ভিডিঅ’ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বলীউডৰ তাৰকাসকলৰ সৈতে নৃত্য কৰি থকা দেখা গৈছে। ভিডিঅ’টোত ছুপাৰষ্টাৰ ছলমান খানে বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মঞ্চত নৃত্য কৰি থকা দেখা গৈছে (Mamata Banerjee danced with Salman)। একে সময়তে তেওঁলোকৰ লগত মহেশ ভাট, সোনাক্ষী সিনহা, শত্ৰুঘ্ন সিনহা আৰু অনিল কাপুৰকো নৃত্য কৰা দেখা গৈছে । ভাইৰেল হোৱা আন এটা ভিডিঅ’ত ছলমান খানে পশ্চিম বংগ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসা কৰাও দেখিবলৈ পোৱা যায়।

অনুষ্ঠানটোত টলীউডৰ তাৰকা অভিনেতা দেৱে ভাইজানক মহোৎসৱ উপলক্ষ্যে প্ৰকাশ কৰা এখন স্মৃতিগ্ৰন্থও প্ৰদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে ডোনা গাংগুলীৰ দলটোৱে নৃত্য পৰিবেশন কৰি অতিথি আৰু প্ৰবীণ তাৰকাসকলক আদৰণি জনায়। যিটো গীতত দলটোৱে নৃত্য কৰি অতিথিসকলক আদৰণি জনাইছিল সেই গীতটোৰ কথা আৰু সংগীত আছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জিৰ । ইয়াৰ উপৰিও চলচ্চিত্ৰ মহোৎসৱখনিৰ উদ্বোধনী অনুষ্ঠানটোত মহোৎসৱৰ চিগনেচাৰ অডিঅ’-ভিজুৱেলো প্ৰদৰ্শন কৰা হয়। শ্ৰীজাথৰ কথাৰে নিৰ্মিত অডিঅ’-ভিজুৱেলৰ এই গীতটিত কণ্ঠ নিগৰাইছে অৰিজিৎ সিঙে । মহোৎসৱৰ এই উদ্বোধনী অনুষ্ঠানটোত ছলমান, সোনাক্ষী, শত্ৰুঘ্ন সিনহা, অনিল কাপুৰ আদিসকলেও নিজৰ নিজৰ অনুষ্ঠান পৰিৱেশন কৰে । উল্লেখ্য যে, কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা ছবিসমূহ প্ৰথমবাৰৰ বাবে কলকাতাৰ ছবিগৃহ আৰু মাল্টিপ্লেক্সসমূহতো প্ৰদৰ্শিত হ’ব।

নন্দনকে ধৰি মহানগৰীখনৰ ২৩টা চিনেমাগৃহত প্ৰদৰ্শিত হ’ব এই ছবিসমূহ। যাৰ ফলত চিনেমা প্ৰেমীসকলে চহৰখনৰ যিকোনো প্ৰান্ততে থাকি ছবিসমূহ চোৱাৰ সুবিধা লাভ কৰিব। এইবাৰৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত প্ৰদৰ্শনৰ বাবে ১৫৯০খন ছবি, ৭২খন পূৰ্ণদৈৰ্ঘৰ ছবি, ৫০খন চুটি ছবি আৰু তথ্যচিত্ৰ মনোনীত কৰা হৈছে।

ইয়াৰ ওপৰিও অপ্ৰতিযোগিতা শাখাত আছে ৯৭ খন ছবি। তাৰোপৰি এইবাৰৰ চলচ্চিত্ৰ মহোৎসৱলৈ বিশ্বৰ ৩৯খন দেশৰ ছবি মনোনীত হৈছে । বিদেশী ছবিৰ এই শাখাত মুঠ ২১৯খন ছবি প্ৰদৰ্শিত হ’ব । আনহাতে বাংলা পেনোৰামা শিতানত এইবাৰ ৭খন বাংলা ছবি প্ৰদৰ্শিত হ’ব । এই চলচ্চিত্ৰকেইখনৰ নাম হৈছে – মান পতংগা, বিজায়ৰ পৌৰ, আবাৰ আশীবো ফিৰে, বনবিবি, অনাথ, অসম্পূৰ্ণা আৰু মাতৃপক্ষ।

এক বিশেষ শিতানত মহোৎসৱখনিত বলীউডৰ মেটিনি আইডল দেৱ আনন্দৰ ৭খন ছবি প্ৰদৰ্শিত হ’ব। এই ছবি সাতখন হৈছে – সাজা, জনী মেৰা নাম, গাইড, জুৱেল থিফ, জীত, চি আই ডি আৰু বাজী। উল্লেখ্য যে, এই চলচ্চিত্ৰ মহোৎসৱখনি অহা ১২ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: Gold Medal to Ministry of Ayush: উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আয়ুষ মন্ত্ৰালয়লৈ স্বৰ্ণ পদক

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)