Parliament winter session 2023: সংসদত উপস্থিত অমিত শ্বাহ আৰু ৰাজনাথ সিং

সংসদৰ ২০২৩ চনৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয়টো দিন। আজি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ সমিতিৰ প্ৰতিবেদনৰ ওপৰত হ'ব আলোচনা(Parliament winter session updates) ।

parliament winter session updates
সংসদত উপস্থিত অমিত শ্বাহ আৰু ৰাজনাথ সিং

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ: সংসদৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিন । তৃতীয় দিনৰ অধিবেশনত অংশ লোৱাৰ বাবে পুৱাই সংসদত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সংসদৰ চলিত শীতকালীন অধিৱেশনৰ তৃতীয় দিনা অৰ্থা আজি লোকসভাত জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৩ সন্দৰ্ভত অধিক আলোচনা কৰা হ’ব। এই দুয়োখন বিধেয়ক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে নিম্ন সদনত বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰিছিল(Parliament winter session updates)।

ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেলেংগানাত এখন কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২৩ লোকসভাত উত্থাপন কৰিব। ইয়াৰ উপৰিও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অনুদান-সাহায্যৰ পৰিপূৰক দাবী, ২০২৩-২৪ ওপৰত এক বিবৃতি উপস্থাপন কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা জৰ্দোছে সদনৰ সদস্যসকলৰ মাজৰ পৰা দুজন সদস্য নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় মৰাপাট ব’ৰ্ডৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ এক প্ৰস্তাৱ গৃহীত কৰিব।

ইয়াৰ উপৰিও বিজেপিৰ সাংসদ সুমেৰ সোলংকি আৰু বিজু জনতা দলৰ সাংসদ নিৰঞ্জন বিছিয়ে ২৪ আগষ্টৰ পৰা হেভলক দ্বীপ, প’ৰ্ট ব্লেয়াৰ, মহাবলীপুৰম আৰু মুম্বাইত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ সমিতিৰ অধ্যয়ন ভ্ৰমণ প্ৰতিবেদনৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি আম আদমি পাৰ্টিৰ সাংসদ অশোক কুমাৰ মিট্টাল আৰু শিৱসেনাৰ সাংসদ অনিল দেশাইয়েও চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত বিভাগ সম্পৰ্কীয় বৈদেশিক পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ (সপ্তদশ লোকসভা) পঁচিশতম প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে । ২০২৩-২৪ বৰ্ষৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুদানৰ দাবী সমিতিৰ এই বিংশতম প্ৰতিবেদনত উল্লেখ কৰা হৈছে পৰ্যবেক্ষণ/পৰামৰ্শৰ সবিশেষ ।

শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা মঙলবাৰে লোকসভাত জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৩ সন্দৰ্ভত বহু সময় ধৰি বিতৰ্ক হোৱা পৰিলক্ষিত হৈছিল। শীতকালীন অধিৱেশনৰ প্ৰথম দিনা সোমবাৰে দুখন বিধেয়ক উত্থাপন কৰাৰ লগতে গৃহীত কৰা হৈছিল। ৰাজ্যসভাই আপৰ সাংসদ ৰাঘৱ চাধাৰৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে। ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা ২০২৩, ভাৰতীয় প্ৰমাণ বিধেয়ক ২০২৩ৰ স্থায়ী সমিতিৰ প্ৰতিবেদনও দুয়োখন সদনত দাখিল কৰা হৈছিল। অহা ২২ ডিচেম্বৰত সামৰণি পৰিব সংসদৰ ২০২৩ চনৰ শীতকালীন অধিৱেশন ।

লগতে পঢ়ক: Revanth Reddy to be next Telangana CM: তেলেংগানাৰ ৰাজপাটত বহিব ৰেৱন্ত ৰেড্ডী; 7 ডিচেম্বৰত শপত ল’ব মুখ্যমন্ত্ৰীৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)