Revanth Reddy to be next Telangana CM: তেলেংগানাৰ ৰাজপাটত বহিব ৰেৱন্ত ৰেড্ডী; 7 ডিচেম্বৰত শপত ল’ব মুখ্যমন্ত্ৰীৰ

তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডী(Revanth Reddy to be next Telangana CM) । অহা 7 ডিচেম্বৰত শপত গ্ৰহণ কৰিব ৰেড্ডীয়ে ।

Revanth Reddy to be next Telangana CM
তেলেংগানাৰ ৰাজপাটত বহিব ৰেৱন্ত ৰেড্ডী; 7 ডিচেম্বৰত শপত ল'ব মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত তেলেংগানাত কংগ্ৰেছ দলে ঘোষণা কৰিলে ৰাজ্যখনৰ হ’বলগা নতুন মুখ্যমন্ত্ৰীগৰাকীৰ নাম । দক্ষিণৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হ’ব তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডী(Revanth Reddy to be next Telangana CM) । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ আৱাসত অনুষ্ঠিত দলটোৰ শীৰ্ষ নেতৃত্বৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই বৈঠকৰ পিছতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কয় যে, তেলেংগানাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আৰু কংগ্ৰেছৰ বিধায়িনী দলৰ সমূহ সদস্যৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দলৰ হাইকমাণ্ডে ৰেৱন্ত ৰেড্ডীক কংগ্ৰেছৰ নৱগঠিত বিধায়িনী দলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী হিচাপে বাচনি কৰিছে । বেনুগোপালে লগতে উল্লেখ কৰে যে অহা 7 ডিচেম্বৰত ৰেৱন্ত ৰেড্ডীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছিল যে ৰেৱন্ত ৰেড্ডীয়েই হ’ব তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । কিন্তু দলৰ এই সিদ্ধান্তক লৈ মঙলবাৰৰ দুপৰীয়া পৰ্যন্ত কোনো নিশ্চয়তা অহা নাছিল । তাৰোপৰি কংগ্ৰেছৰ ফালৰ পৰাও কোনো ইংগিত দেখিবলৈ পোৱা নগৈছিল ৷ হায়দৰাবাদৰ গাচিবাউলীস্থিত এল্লা হোটেলত সমবেত হোৱা কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়কসকলে একক বাক্যৰ প্ৰস্তাৱ গ্ৰহণ কৰি সেই প্ৰস্তাৱ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰে ।

ভাট্টি বিক্ৰমাৰ্ক, সিতাক্কা আদিকে ধৰি অধিকসংখ্যক বিধায়কে এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰে আৰু প্ৰস্তাৱটো কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ হাতত দাখিল কৰে । ইয়াৰ পিছতেই দলটোৰ শীৰ্ষ নেতৃত্বই দিল্লীত আয়োজিত বৈঠকত আলোচনা কৰি ৰেৱন্ত ৰেড্ডীক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে বাচনি কৰে । অৱশ্যে কেবিনেটৰ বাকীসমূহ বিভাগ তথা মন্ত্ৰিত্ব কাক কাক প্ৰদান কৰা হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

উল্লেখ্য যে, যোৱা ৩০ নৱেম্বৰত অনুষ্ঠিত হোৱা তেলেংগানা বিধানসভা নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হৈছিল । দেশৰ আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনত বৰ বেয়াকৈ মুখথেকেচা খোৱা কংগ্ৰেছে অৱশ্য়ে দক্ষিণৰ ৰাজ্যখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । বি আৰ এছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ দহ বছৰীয়া শাসনক ওফৰাই গাদী দখল কৰিবলৈ সক্ষম হয় কংগ্ৰেছ ।

লগতে পঢ়ক: Four state assembly elections 2023 result: চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে কেনে প্ৰভাৱ পেলাব পাৰে I.N.D.I.A মিত্ৰতাত ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)