Big lapse in Parliament security: সংসদ ভৱনৰ বাহিৰত দুই যুৱক যুৱতীৰ প্ৰতিবাদ, তৎপৰতাৰে দিল্লী আৰক্ষীয়ে দুয়োকে কৰিলে আটক

Big lapse in Parliament security, two people jumped from the auditorium
সংসদ ভৱনৰ বাহিৰত দুই যুৱক যুৱতীৰ প্ৰতিবাদ, তৎপৰতাৰে দিল্লী আৰক্ষীয়ে দুয়োকে কৰিলে আটক
দেশৰ ভিতৰতে আটাইতকৈ সুৰক্ষিত স্থান বুলি দাবী কৰি অহা সংসদ ভৱনৰ বাহিৰত বুধবাৰে পুৱা এজন যুৱক আৰু এগৰাকী যুৱতীয়ে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰিলে(Big lapse in Parliament security)। অৱশ্যে সংসদৰ নিৰাপত্তাত নিয়োজিত দিল্লী আৰক্ষীয়ে ততাতৈয়াকৈ এই দুই প্ৰতিবাদকাৰীক আটক কৰি নিজৰ জিম্মাত লোৱাৰ লগতে বৰ্তমান জেৰা অব্যাহত ৰাখিছে । যুৱতীগৰাকী হাৰিয়ানাৰ হিছাৰৰ আৰু যুৱকজন মহাৰাষ্ট্ৰৰ লাটুৰৰ বুলি জানিব পৰা গৈছে ।

নতুন দিল্লী, ১৩ ডিচেম্বৰ: ৰাজধানী চহৰ নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত বুধবাৰে টিয়েৰ স্ম’ক ব্যৱহাৰ কৰি দুই যুৱক-যুৱতীয়ে প্ৰতিবাদ সাব্যস্ত কৰে(Big lapse in Parliament security) । ইতিমধ্যে দুয়োকে আৰক্ষীয়ে আটক কৰি জিম্মাত লোৱা বুলি জানিব পৰা গৈছে । আটকাধীন যুৱক-যুৱতীদ্বয়ক নীলম আৰু আমোল শিণ্ডে বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। যুৱতীগৰাকী হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা আৰু যুৱকজনজন মহাৰাষ্ট্ৰৰ লাটুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বৰ্তমান দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণি অনুসৰি, আজি সংসদ ভৱনৰ সন্মুখত টিয়েৰ স্ম’ক প্ৰয়োগৰ লগতে বিভিন্ন শ্লোগানেৰে এগৰাকী যুৱতী আৰু এজন যুৱকে এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি কৰে। লগে লগে সংসদৰ নিৰাপত্তাৰ দ্বায়িত্বত নিয়োজিত দিল্লী আৰক্ষীয়ে তৎপৰতাৰে দুয়োকে আটক কৰি জিম্মাত লয়। আটকাধীন এই দুই প্ৰতিবাদকাৰীয়ে কয় যে, তেওঁলোকৰ কথা কোনেও নুশুনাৰ বাবে তেওঁলোকে এই পদক্ষেপ গ্ৰহণঁ কৰিব লগা হ’ল। প্ৰথমে এই দুই যুৱক-যুৱতীয়ে সংসদ ভৱনৰ বাহিৰত ফটকা ফুটাই আৰু তাৰ পিছত ভাৰত মাতা কি জয়, জয় ভীম, একনায়কত্ববাদ নচলিব আদি শ্লোগান প্ৰদান কৰে। ইফালে আৰক্ষীয়ে দুয়োকে আটক কৰি সেই স্থানৰ পৰা আঁতৰাই থানালৈ লৈ যায়।

উল্লেখযোগ্য যে আজিৰ দিনটোতে অৰ্থাৎ ২২ বছৰ পূৰ্বে (২০০১ চনৰ ১৩ ডিচেম্বৰ) সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণৰ সেই ভয়াৱহ ঘটনাটো সংঘটিত হৈছিল। ইফালে আজিও চলি আছে সংসদৰ শীতকালীন অধিৱেশন । সংসদৰ বাহিৰত আজিৰ এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হোৱাৰ ঠিক পূৰ্বে সংসদৰ ভিতৰতো কাম চলি থকাৰ মাজতে দুই যুৱকে দৰ্শকৰ গেলেৰীৰ পৰাও জপিয়াইছিল(two people jumped from the auditorium)। সংসদ চৌহদত সংঘটিত এনেবোৰ কাৰ্যই সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ উলংঘনকে প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক: Article 370 Case Judgement: ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক সাংবিধানিক আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ, ২০২৪ ৰ ছেপ্তেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)